ETV Bharat / state

9 Years Old Girl with incredible talent: সত্ৰীয়া নৃত্যত বিদেশত অসমক প্ৰতিনিধিত্ব কৰা এগৰাকী কণমানি

এগৰাকী কণমানি ৷ যাৰ আছে অলেখ প্ৰতিভা ৷ কিন্তু বয়স মাত্ৰ ন বছৰ ৷ ন বছৰ বয়সতে আজৰি আনিলে কেইবাটাও সন্মান ৷ কেৱল ৰাজ্য আৰু বহিঃৰাজ্যতেই সীমাবদ্ধ হৈ থকা কণমানিগৰাকী ৷ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো উজলিবলৈ সক্ষম হৈছে কণমানিগৰাকী ৷ যাক লৈ এতিয়া গৌৰাৱান্বিত পিতৃ-মাতৃ ৷

author img

By

Published : Jan 1, 2023, 1:20 PM IST

A little girl representing Assam to abroad in Satriya dance
অলেখ প্ৰতিভাৰ গৰাকী শিৱসাগৰৰ আকাংক্ষা
অলেখ প্ৰতিভাৰ গৰাকী শিৱসাগৰৰ আকাংক্ষা

আমগুৰি, ১ জানুৱাৰী: আজি ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটোতে চিনাকি কৰাই দিব বিচাৰিছো এগৰাকী বিশেষ কণমানিৰ সৈতে ৷ কণমানিগৰাকীৰ বয়স 9 বছৰ (9 Years Old Girl with incredible talent)। কিন্তু 9 বছৰ বয়সতে নিজৰ প্ৰতিভা বিকাশৰ জৰিয়তে অসমৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে কণমানিগৰাকী । সত্ৰীয়া নৃত্যত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমক প্ৰতিনিধিত্ব কৰিছে কণমানিগৰাকীয়ে । বিদেশত গৈ অসমীয়া কৃষ্টি উজ্বলাই তোলা এইগৰাকী কণমানিৰ নাম আকাংক্ষা খাউণ্ড ।

আকাংক্ষাৰ ঘৰ শিৱসাগৰৰ জাঁজী জামুগুৰিত (Akangsha Khaund) ৷ শিক্ষক ৰিন্টু খাউণ্ড আৰু ববিতা ভট্ট খাউণ্ডৰ একমাত্ৰ কন্যা আকাংক্ষা ৷ 3 বছৰ বয়সৰ পৰাই গীত নৃত্য মডেলিঙৰ (Akangsha Khaund loves Modeling) সৈতে ধাউতি আছিল আকাংক্ষাৰ । অসমৰ বিভিন্ন স্থানৰ লগতে মুম্বাই আৰু ডুবাইত গীত নৃত্য আৰু মডেলিঙৰ জৰিয়তে সুনাম বুটলিবলৈ সক্ষম হৈছে আকাংক্ষা খাউণ্ডে ৷ বৰ্তমান টীয়কৰ হলি ফ্লাৱাৰ ছিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ ক্লাছ থ্ৰীৰ ছাত্ৰী আকাংক্ষা ।

কণমানিগৰাকী বৰ্তমান NEV Events and entertainment Pvt Ltd ৰ SANSKRITI SANGAM ৰ ব্ৰেণ্ড এম্বেচাদৰ । ২০২৩ চনৰ ১৫ মে’ত মালয়েচিয়াত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় মডেলিং আৰু সত্ৰীয়া নৃত্য প্ৰতিযোগিতাত অসমৰ হৈ প্ৰতিনিধিত্ব কৰিব আকাংক্ষাই । ২০১৩ চনৰ ২৭ নৱেম্বৰত জাঁজী জামুগুৰি বামুণ গাঁৱত জন্মগ্ৰহণ কৰা আকাংক্ষা খাউণ্ড তিনি বছৰৰ পৰা নৃত্য-গীত-মডেলিং, ছবি অঁকা, এংকৰিং আদিত পাৰ্গত ।

আমগুৰিৰ শ্ৰীমন্ত শংকৰদেৱ কলাকৃষ্টি কেন্দ্ৰত গীত আৰু ভাৰত নাট্যমৰ প্ৰশিক্ষণ গ্ৰহণ কৰা আকাংক্ষাই সত্ৰীয়া নৃত্য পংকজ শইকীয়া বৰবায়ন আৰু ময়ূস শইকীয়াৰ তত্ত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে । কেৱল ইমানেই নহয়, গুৱাহাটীৰ সিদ্ধাৰ্থ বৰ্মন আৰু প্ৰিয়ংকা গগৈৰ ওচৰত মডেলিং, তপন কুমাৰ বৰাৰ তত্বাৱধানত আধুনিক নৃত্য আৰু টীয়কৰ জিলমি শৰ্মা বৰদলৈৰ ওচৰত এবাকাছৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে কণমানিগৰাকী ৷

গুৱাহাটী শিল্পগ্ৰাম, যোৰহাট, শিৱসাগৰৰ উপৰিও ডুবাইত সত্ৰীয়া নৃত্যৰ জৰিয়তে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷ আকাংক্ষাই Bharat Sanskriti Yatra, Desh Rang International Global Harmony এ ডুবাইত অনুষ্ঠিত কৰা সৰ্বভাৰতীয় সত্ৰীয়া নৃত্য প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে । গুৱাহাটীৰ NEV Events and entertainment Pvt Ltd "SANSKRITI SANGAM" ৰ ব্ৰেণ্ড এম্বেচাদৰ আকাংক্ষা ২০২০ চনত গুৱাহাটীৰ শিল্পগ্ৰামত অনুষ্ঠিত কৰা গীত-নৃত্য-মডেলিং প্ৰতিযোগিতাত শ্ৰেষ্ঠ বিজয়ী খিতাপ লাভ কৰিবলৈ সক্ষম হৈছিল ।

মডেলিং জগতত সৰুৰে পৰাই খোজ পেলোৱা আকাংক্ষাই আমগুৰি, গুৱাহাটী, যোৰহাটৰ লগতে মুম্বাইত অসমৰ হৈ প্ৰতিনিধিত্ব কৰি সুনাম বুটলিবলৈ সক্ষম হৈছে । বৰ্তমানলৈ আকাংক্ষাই Mega Iconic Fashion show আমগুৰিত অনুষ্ঠিত কৰা প্ৰতিযোগিতাত 1st runners up 2) Kids Junior Grandiose India International 2020 "Grand Ambassador", 3) All Assam Traditional Mega Fashion Show ৷

4) Best Walk Guwahati 2020, 5) Majestic India International Guwahati 2021 Winner 6) Mr. And Miss India SG 2021 Winner Mumbai 7) International Nrityashree Dance Best Award, SANSKRITI SANGAM 2021, 8) Assam 2019 Best Personality Kids Royal Icon of Assam ৯) National Kamrupa Kids Model Award 2022 Ghy 10)Best Anchor 2022 ৰ লগতে আন বহু সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ।

ভৱিষ্যতে গীত-নৃত্য আৰু মডেলিংৰ জগতখনত সফল হোৱাৰ লগতে এগৰাকী সেনা বিষয়া হোৱাৰ মন আকাংক্ষাৰ । আকাংক্ষাৰ সপোনবোৰ বাস্তৱত পৰিণত হওক, বিদেশত গৈ নিজৰ জন্মভূমিক উজলাবলৈ সক্ষম হওক । ইটিভি ভাৰত অসমৰ তৰফৰ পৰাও আকাংক্ষা খাউণ্ডলৈ থাকিল আন্তৰিক শুভকামনা ।

লগতে পঢ়ক: Sunrise in Guwahati: উদয়াচলত হেঙুলী আভা চটিয়াই ভুমুকি মাৰিলে নৱবৰ্ষৰ ন-সূৰুযে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.