ETV Bharat / state

দুৰাৰোগ্য ৰোগত আক্ৰান্ত পুত্ৰ : আঁচল পাতি সহায় বিচাৰিছে পিতৃ-মাতৃয়ে

আপোনাৰ এধানি সহায়ে হাঁহি বিৰিঙাই তুলিব পাৰে এটা অসহায় পৰিয়ালক ৷ কিয়নো দুৰাৰোগ্য ৰোগত ভুগি থকা এজন পুত্ৰক লৈ সম্প্ৰতি অসহায় হৈ পৰিছে পৰিয়ালটো ৷

পুত্ৰক লৈ অসহায় এটি পৰয়াল
পুত্ৰক লৈ অসহায় এটি পৰয়াল
author img

By

Published : Jul 29, 2020, 3:24 PM IST

আমগুৰি, 29 জুলাই: পঢ়াৰ প্ৰতি দুৰ্বাৰ ধাউতি থকা এজন মেধাৱী ছাত্ৰ ৷ কিন্তু এক দুৰাৰোগ্য ৰোগৰ বাবে ছাত্ৰ গৰাকীৰ পঢ়াৰ প্ৰতি থকা হাবিয়াস হৈ ৰ'ল আধৰুৱা ৷ 2014 চনত কোনো দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱা ছাত্ৰ গৰাকীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফলাফল লাভ কৰিও আধাতে সামৰিবলগীয়া হৈছে শিক্ষা জীৱন ৷ ছাত্ৰ গৰাকী নামতি খনিকৰ গাঁৱৰ ফটিক খনিকৰ আৰু লিলি খনিকৰৰ সন্তান মুকুন্দ মাধৱ খনিকৰ ৷ প্ৰতিদিনেই জীৱনৰ শংকা আৰু সপোন ভগাৰ ব্যথাৰ মাজতে দিন কটাবলগীয়া হৈছে ছাত্ৰ গৰাকীয়ে ৷

দুৰাৰোগ্য ৰোগত আক্ৰান্ত পুত্ৰ : আঁচল পাতি সহায় বিচাৰিছে পিতৃ-মাতৃয়ে

হঠাতে বিচনাত পৰি ৰ'বলগীয়া হ'ল 5 বছৰ পূৰ্বৰ সেই সুঠাম শৰীৰৰ কৃতী ছাত্ৰ গৰাকী ৷ ছাত্ৰ গৰাকীৰ আছিল বহু সপোন ৷ ভৱিষ্যতে এগৰাকী সুচিকিৎসক হোৱাৰ সপোন দেখা ছাত্ৰ গৰাকীৰ নাই এতিয়া নিজৰেই চিকিৎসা কৰাৰ সামৰ্থ ৷ কিয়নো তেওঁক সুস্থ কৰি তোলাৰ স্বাৰ্থত ইতিমধ্যে সৰ্বস্বান্ত হৈ পৰিছে পৰিয়ালটো ৷ পৰিয়ালটোৱে 14 বিঘা মাটি বিক্ৰী কৰি পোৱা 45 লাখ টকাৰে মুকুন্দৰ চিকৎসা কৰিও সুস্থ কৰি তুলিব পৰা নাই তেওঁক ৷ অসমৰ ভিন্ন চিকিৎসালয়ৰ লগতে, অসমৰ বাহিৰত চিকিৎসা কৰিও কোনো সুফল নাপালে পৰিয়ালটোৱে ৷ তাৰ পাচতো তেওঁলোকে অব্যাহত ৰাখি গৈছে পুত্ৰক সুস্থ কৰি তোলাৰ অবিৰাম চেষ্টা ৷

মাটি বিক্ৰী কৰি পোৱা ধন শেষ হোৱাৰ পাচত তেওঁলোকে বেচিবলৈ আৰম্ভ কৰিলে পোহনীয়া জন্তুকে ধৰি নিজৰ এপদ এপদ অলংকাৰো ৷ তথাপিও সফল হ'ব পৰা নাই তেওঁলোক ৷ জীয়াই থাকিবলৈ মুকুন্দক প্ৰতিমাহে প্ৰয়োজন হয় প্ৰায় 10 হাজাৰ টকাৰ দৰৱ ৷ কিন্তু নিজ পুত্ৰক জীয়াই ৰখাৰ সেই দুৰ্বাৰ হাবিয়াসে সম্প্ৰতি সৰ্বাস্বান্ত কৰিছে তেওঁলোকক ৷ যাৰ বাবে এতিয়া অসহায় পৰিয়ালটোৱে বিচাৰিছে কাৰোবাৰ অকণমান সহায়ৰ হাত ৷ কিয়নো তেওঁলোকৰ হাতত এতিয়া নাই পুত্ৰক জীয়াই ৰখাৰ কোনো সম্বল ৷ কোনো লোকে যদি এই অসহায় পৰিয়ালটোক সহায় কৰিব বিচাৰে তেন্তে 0730010140362, IFSC code : UTBIONAMG23 এই একাউণ্ট নম্বৰত আৰ্থিক সাহায্য প্ৰদানৰ লগতে, 6002466928 নম্বৰত ফোন কৰি পৰিয়ালটোৰ সৈতে যোগাযোগ কৰিব পাৰে ৷ আপোনাৰ এধানি সহায়ে হয়তো পুনৰ হাঁহি বিৰিঙাই তুলিব পাৰে অসহায় পৰিয়ালটোৰ মুখত ৷

লগতে পঢ়ক: সুদক্ষ অভিনেত্ৰী নিৰ্মালী কোঁৱৰৰ ইহলীলা সম্বৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.