শিৱসাগৰ,17 জুন: শিৱসাগৰত মাতাল আৰক্ষীৰ তাণ্ডৱ । ডিব্রুগড় আৰক্ষী চাউনিৰ কণিষ্টবল জিতুল চন্দ্ৰ দুৱৰা নামৰ আৰক্ষীৰ লোকজনে বৃহস্পতিবাৰে দিনত শিৱসাগৰ নগৰৰ বাইপাচৰৰ সমীপত সুৰাৰ ৰাগীত মাতাল হৈ কৰিলে এখন নাটক ৷ ইপিনে আৰক্ষী বাবুৰ এই নাটকত অতিষ্ঠ হৈ স্থানীয় লোকে আৰক্ষীক অভিযোগ কৰাত কনিষ্টবলজনক শিৱসাগৰ সদৰ থানালৈ আনে আৰক্ষীয়ে ৷
আনহাতে আৰক্ষী কনিষ্টবলজনক যদিও থানালৈ অনা হয় মাতাল আৰক্ষীজনে অভব্য আচৰণ কৰে। শিৱসাগৰ সদৰ থানাৰ আৰক্ষী বিষয়াৰ লগতে মহিলা আৰক্ষীক দুৰ্ব্যৱহাৰ কৰে কনিষ্টবলজনে । এনে আৰক্ষীয়ে উদঙাই দিয়ে অসমৰ স্মাৰ্ট আৰক্ষীৰ প্ৰকৃত ছবি।
যি সময়ত অসম চৰকাৰে আৰক্ষীৰ সংস্কাৰ কৰাৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি আহিছে ৷ সৎ আৰক্ষী বিষয়াই নিজৰ কৰ্তব্যৰ জৰিয়তে ৰাইজৰ সমাদৰ লাভ কৰিছে ৷ ঠিক তেনে সময়তে এনে একাংশ আৰক্ষীৰ কাণ্ডই চেকা লগাইছে আৰক্ষীৰ পোছাকত ৷
লগতে পঢ়কঃ কমলপুৰ সমষ্টিত বিধায়কৰ বিৰুদ্ধে প্ৰেৰণ কৰিব পাৰিব অভিযোগ