ETV Bharat / state

শিৱসাগৰত 5 বছৰীয়া শিশুৰ মৃতদেহ উদ্ধাৰ - a child deathbody found in a pond at sivsagar etv bharat news etv bharat news

শিৱসাগৰৰ হলগুৰিত ৰহস্যজনকভাৱে উদ্ধাৰ 5 বছৰীয়া ত্ৰিদিশা নাথৰ মৃতদেহ ৷ কোনে, কিয় হত্যা কৰিলে ত্ৰিদিশাক সেই সন্দৰ্ভত আৰক্ষীয়ে লাভ কৰা নাই কোনো তথ্য ৷ সন্দেহজনকভাৱে নিৰুদ্দেশ হৈ আছে মাতৃ জোনালী নাথ ৷

AS_SVR_a child deathbody found in a pond at sivsagar_vis_AS10042
শিৱসাগৰত 5 বছৰীয়া শিশুৰ মৃতদেহ উদ্ধাৰ
author img

By

Published : Jun 6, 2021, 2:26 PM IST

শিৱসাগৰ, 6 জুন : শিৱসাগৰৰ জয়সাগৰ আৰক্ষী চকীৰ অন্তৰ্গত হলগুৰিত অঘটন । দেওবাৰে পুৱাৰ ভাগত ৰহস্যজনকভাৱে এটা পুখুৰীত উদ্ধাৰ হৈছে এটি 5 বছৰীয়া কন্যা শিশুৰ মৃতদেহ ৷ মৃত কন্যা শিশুটি মধু নাথৰ জীয়ৰী ত্ৰিদিশা নাথ বুলি চিনাক্ত কৰা হৈছে ৷ সন্দেহজনকভাৱে নিৰুদ্দেশ হৈ আছে শিশুটিৰ মাতৃ জোনালী নাথ ৷

শিৱসাগৰত ৰহস্যজনক ভাৱে উদ্ধাৰ 5বছৰীয়া শিশুৰ মৃতদেহ

প্ৰাপ্ত তথ্য অনুসৰি, দেওবাৰে পুৱাৰ ভাগত মৃত ত্ৰিদিশা নাথৰ আইতাকে শুই উঠি পুখুৰীত গা ধুৱলৈ যোৱাৰ সময়তে পুখুৰীত ওপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে শিশুটিৰ মৃতদেহ ৷ তাৰ পাচতেই অঞ্চলটোত সৃষ্টি হয় হুৱাদুৱা পৰিস্থিতিৰ ৷ ইফালে পুখুৰীৰ পাৰৰ দলঙত উদ্ধাৰ কৰা হৈছে মাতৃ জোনালী নাথৰ চেণ্ডেল ৷

পৰিয়ালৰ লোকৰ অভিযোগ, মৃত শিশুটিক হত্যা কৰি পুখুৰীত পেলাই দিছে মাতৃয়ে ৷ কিন্তু ৰহস্যজনকভাৱে যোৱা নিশাৰ পৰাই সন্ধানহীন হৈ আছে মাতৃ জোনালী নাথ ৷

ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী ৷ আৰম্ভ কৰিছে তদন্ত ৷ আৰক্ষীয়ে ত্ৰিদিশা নাথৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷

লগতে পঢ়ক: কাৰ্বি লাংপি জলবিদ্যুত প্ৰকল্পত কৰ্মৰত জোৱান নিৰুদ্দেশ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.