ETV Bharat / state

গ্ৰীষ্মৰ আগমনত ৰঙীণ সাজেৰে সাজিছে প্ৰকৃতিয়ে - দিখৌপৰীয়া

বসন্তৰ মৌসনা পৰিৱেশত বৰণ সলোৱা প্ৰকৃতি যেন এতিয়া ৰূপহী গাভৰুজনী হৈ পৰিছে । বসন্তক বিদায় দি গ্ৰীষ্মৰ বোকোচাত ওমলিছে প্ৰকৃতিয়ে । আকাশত শুকুলা ডাৱৰ, বৰষুণে ধুই নিকা কৰিলে গছ লতা বোৰক । কবি-লেখকৰ কলমতো সৃষ্টি হৈছে ৰঙীণ ভাৱ । গায়ক-গায়িকাৰ কণ্ঠত নিগৰিছে গান ।

A BEAUTIFUL SCENARY OF NATURE
বসন্তক বিদায় দি গ্ৰীষ্মৰ বোকোচাত ওমলিছে প্ৰকৃতি
author img

By

Published : May 17, 2021, 1:30 PM IST

আমগুৰি,17 মে’: এই সময় প্ৰকৃতিৰ সময় । বসন্তৰ মৌসনা পৰিৱেশত বৰণ সলোৱা প্ৰকৃতি যেন এতিয়া ৰূপহী গাভৰুজনী হৈ পৰিছে । বসন্তক বিদায় দি গ্ৰীষ্মৰ বোকোচাত ওমলিছে প্ৰকৃতিয়ে । আকাশত শুকুলা ডাৱৰ, বৰষুণে ধুই চিকচিয়া কৰিলে গছ লতা বোৰক ।

গ্ৰীষ্মৰ এই সময়ত প্ৰকৃতিৰ এনেবোৰ নয়নাভিৰাম দৃশ্য এতিয়া চৌদিশে ভৰি পৰিছে । ফুলিছে আজাৰ, কৃষ্ণচূড়া, ৰাধাচূড়া আৰু হালধীয়া সোণাৰু । প্ৰকৃতিৰ এনে বিনন্দিয়া সৌন্দৰ্যই মতলীয়া কৰে বহুজনৰ প্ৰাণ । কবি লেখকৰ কলমত সৃষ্টি হয় ৰঙীণ ভাৱ । গায়ক-গায়িকাৰ কণ্ঠত নিগৰে গান । সঁচাকৈ এয়া যেন প্ৰকৃতিৰ সময় । প্ৰকৃতিৰ প্ৰতিটো ইচ্ছাই মানৱ জাতিক শিকাই গৈছে বহু কথা । আমগুৰি, জাঁজী আৰু দিখৌমুখত দেখা হ'ল প্ৰকৃতিৰ কেতবোৰ মন পৰশা দৃশ্য ।

গ্ৰীষ্মৰ আগমনত ৰঙীণ সাজেৰে সাজিছে প্ৰকৃতিয়ে

বৰ্তমানৰ সংকটপূৰ্ণ পৰিস্থিতিৰ মাজতো আপুনি যদি এবাৰ ৰঙা চাদৰ পাৰি থিয় হৈ থকা কৃষ্ণচূড়াজোপাক চাই তেন্তে আপোনাৰো মন প্ৰফুল্লিত হৈ পৰিব । সোণাৰুজোপাৰ হালধীয়া হাঁহিৰ কথা নক'লেও সকলোৱে বুজি পায় প্ৰকৃতি কিমান বিনন্দীয়া । আজাৰ ফুলা দেখি কোনোদিন বেজাৰ নকৰা দিখৌপৰীয়াৰ কলমৰ আগৰে খেলা কৰিছে শব্দৰ । সঁচাকৈ এয়া যেন প্ৰকৃতিৰ সময় ।

লগতে পঢ়ক: মহামাৰীয়ে বিপদ মাতিছে মাজুলীৰ মুখা শিল্পলৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.