ETV Bharat / state

শিৱসাগৰৰ আমগুৰিত ৰাইজৰ দলৰ আহ্বায়ক সমিতি গঠন

প্ৰলোভনেৰে আন দলৰ ৰাজনৈতিক নেতা বিজেপিয়ে নিজৰ দলত অন্তৰ্ভুক্ত কৰাৰ অভিযোগ ৰাইজৰ দলৰ সমন্বয়ক দেৱজিত দত্তৰ। আমগুৰিত ৰাইজৰ দলৰ আহ্বায়ক সমিতি গঠন অনুষ্ঠানত অংশ লৈ তেওঁ কয় যে,'বিজেপিৰ জালত কিছু নেতাই ভৰি দিছে। দুই-এজনে বিজেপিত যোগদান কৰা মানে সমগ্ৰ অসমীয়া জাতি বিক্ৰী হৈ যোৱা নুবুজায়।'

author img

By

Published : Nov 13, 2020, 12:40 PM IST

শিৱসাগৰৰ আমগুৰিত ৰাইজৰ দলৰ আহ্বায়ক সমিতি গঠন
শিৱসাগৰৰ আমগুৰিত ৰাইজৰ দলৰ আহ্বায়ক সমিতি গঠন

আমগুৰি, ১৩ নৱেম্বৰ: শিৱসাগৰৰ আমগুৰিত অনুষ্ঠিত ৰাইজৰ দলৰ আহ্বায়ক সমিতি গঠন অনুষ্ঠানত অংশগ্ৰহণ কৰি সমন্বয়ক দেৱজিত দত্তই বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰে। বিজেপিত নতুনকৈ যোগদান কৰা ৰাজনৈতিক নেতাকো কটাক্ষ কৰে সমন্বয়কগৰাকীয়ে। তেওঁ কয় যে, 'বিজেপিয়ে প্ৰলোভন দি নেতাক কিনিবৰ বাবে অহৰহ চেষ্টা কৰি আছে। বিজেপিৰ জালত কিছু নেতা ভৰি দিছে। দুই-এজন বিক্ৰী যোৱা মানেই সমগ্ৰ অসমীয়া জাতি বিক্ৰী হৈ যোৱা নুবুজায়।'

আনহাতে,কেন্দ্ৰীয় ৰাজনৈতিক অভিৱৰ্তনৰ পিছত পূৰ্ণাংগ হ'ব ৰাইজৰ দল। ৰাইজৰ দল পূৰ্ণাংগ হোৱাৰ পিছতে অসম জাতীয় পৰিষদৰে আলোচনাত মিলিত হোৱাৰ সম্ভাৱনা আছে।

লগতে পঢ়ক:মহানগৰীত সাংবাদিকক প্ৰহাৰ অনা অসমীয়া ব্যৱসায়ীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.