ETV Bharat / state

শিৱসাগৰত পতাকা উত্তোলন কৰিলে উপায়ুক্তই

author img

By

Published : Aug 15, 2021, 2:11 PM IST

ক'ভিড পৰিস্থিতিৰ মাজতে শিৱসাগৰ জিলাৰ বৰ্ডিং খেলপথাৰত উদযাপন স্বাধীনতা দিৱস । প্ৰশাসনৰ উদ্যোগত আয়োজিত এই দিৱসত জাতীয় পতাকা উত্তোলন কৰে জিলাখনৰ উপায়ুক্ত বিষ্ণু কমল বৰাই ।

Sivsagar
শিৱসাগৰত উদযাপন ৭৫ সংখ্যক স্বাধীনতা দিৱস

শিৱসাগৰ, ১৫ আগষ্ট : দেওবাৰে অসমৰ ভিন্ন প্ৰান্তত ৭৫ সংখ্যক স্বাধীনতা দিৱস (75th Independence Day) উদযাপন কৰা হৈছে । শিৱসাগৰ জিলাৰ বৰ্ডিং খেলপথাৰত বিশেষ কাৰ্যসূচীৰে জিলা প্ৰশাসনে আয়োজন কৰিছে স্বাধীনতা দিৱস । অনুষ্ঠানত জাতীয় পতাকা উত্তোলন কৰে শিৱসাগৰৰ উপায়ুক্ত বিষ্ণু কমল বৰাই ।

মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা বিষ্ণু কমল বৰাৰ ভাষণৰ পাছতে আৰক্ষী, গৃহৰক্ষী বাহিনী, অৰ্ধ সামৰিক বাহিনী আদিয়ে পেৰেডত অংশগ্ৰহণ কৰে । বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলেও স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে । ইফালে জিলাখনৰ বিভিন্ন দিশত পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হোৱা কেইবাগৰাকী ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় এই অনুষ্ঠানত ।

উপায়ুক্ত বিষ্ণু কমল বৰাই ভাষণ প্ৰসংগত জিলাখনৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰা দেখা যায় । বিশেষকৈ কৰ'ণা পৰিস্থিতি (Covid situation) সন্দৰ্ভতো মন্তব্য কৰে উপায়ুক্তগৰাকীয়ে । তেওঁ ভাষণত উল্লেখ কৰা মতে জিলাখনত ৩১ জুলাইলৈকে মুঠ ২,৬০,২০৪ গৰাকী লোকে ক'ভিডৰ প্ৰথম পালি (First dose) টীকা আৰু ৫৩,১০৬ গৰাকী লোকে দ্বিতীয় পালি (Second dose) টীকা গ্ৰহণ কৰিছে ।

শিৱসাগৰত পতাকা উত্তোলন কৰিলে উপায়ুক্তই

জিলাখনৰ কেইবাটাও সফলতা সন্দৰ্ভত উল্লেখ কৰি উপায়ুক্তগৰাকীয়ে কয় যে পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু স্বাস্থ্যকৰ পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে 'কায়াকল্প বঁটা' (Kayakalp Award) বুলি বিশেষ সন্মান প্ৰদান কৰিছিল । শিৱসাগৰ জিলা অসামৰিক চিকিৎসালয়ে ২০২০-২১ বৰ্ষত এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে আৰু ডিমৌ আদর্শ চিকিৎসালয়ে সদৌ অসম ভিত্তিত উদগণিমূলক বঁটা পাবলৈ সক্ষম হৈছে । ইয়াৰ উপৰিও উপায়ুক্তগৰাকীয়ে ভাষণত জিলাখনত ৰূপায়ণ কৰা বিভিন্ন উন্নয়নমূলক আঁচনি সম্পৰ্কেও কয় ।

লগতে পঢ়ক : যোৰহাটৰ কাছাৰী মৈদানত উদযাপন ৭৫ সংখ্যক স্বাধীনতা দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.