ETV Bharat / state

লক ডাউনৰ বাবে আবদ্ধ হৈ পৰা এখন আনন্দ মেলা

author img

By

Published : Aug 9, 2020, 12:50 PM IST

লক ডাউনৰ পূৰ্বেই নাজিৰাৰ সমীপৱৰ্তী গেলেকীত আহি আবদ্ধ হৈ পৰা বিহাৰৰ এখন আনন্দ মেলাৰ সৈতে জড়িত লোকসকল সম্প্ৰতি আৰ্থিক সংকটত ৷

আবদ্ধ হৈ পৰা এখন আনন্দ মেলা
আবদ্ধ হৈ পৰা এখন আনন্দ মেলা

নাজিৰা, 9 আগষ্ট: বিশ্ব ত্ৰাসৰ সৃষ্টি কৰিছে ক্ৰমবৰ্ধমান কৰ'ণাৰ মহামাৰীৰ সংক্ৰমণে ৷ এই মহামাৰীৰ ফলত জাৰি কৰা লক ডাউনে নিম্নমুখী কৰিছে অৰ্থনীতি ৷ আৰ্থিক মন্দাৱস্থাৰ সৃষ্টি হোৱাৰ লগে লগে নিবনুৱা হৈ পৰিছে বহু লোক ৷ কিন্তু লক ডাউনত সৰ্বস্বান্ত হোৱাৰ ওপৰিও অন্য ৰাজ্যত আহি আবদ্ধ হৈ পৰা লোকেও সম্প্ৰতি সন্মুখীন হ'বলগীয়া হৈছে ব্যাপক দুৰ্দশাৰ ৷ ব্যতিক্ৰম নহয় লক ডাউনৰ পূৰ্বেই নাজিৰাৰ সমীপৱৰ্তী গেলেকীত আহি আবদ্ধ হৈ পৰা বিহাৰৰ এখন আনন্দ মেলাৰ সৈতে জড়িত লোকসকল ৷

লক ডাউনৰ বাবে আবদ্ধ হৈ পৰা এখন আনন্দ মেলা

কৰ'ণা মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ বাবে জন সমাগম হ'ব পৰা ভিন্ন অনুষ্ঠান সম্প্ৰতি বন্ধ কৰি দিয়া হৈছে ৷ সকলো আনন্দ উৎসৱ ম্লান পৰিছে কৰ'ণাৰ সংক্ৰমণ ৰোধৰ বাবে ৷ সুদুৰ বিহাৰৰ পৰা অসমৰ ভিন্ন স্থানত আনন্দ মেলা দেখুৱাই নাজিৰাৰ সীমান্তৱৰ্তী গেলেকীত উপস্থিত হৈছিলহি গুপ্তা আনন্দ মেলা নামৰ এখন আনন্দ মেলা ৷ কিন্তু সম্প্ৰতি কৰ'ণা মহামাৰীৰ বাবে শিশু সকলক আনন্দৰ খোৰাক দিয়া এই আনন্দ মেলাখন আধাতে সামৰিবলগীয়া হৈছে মেলা কৰ্তৃপক্ষই ৷ দীৰ্ঘদিনীয়া লক ডাউনৰ ফলত পৰিয়াল পোহপাল দিয়াৰ ক্ষেত্ৰত যথেষ্ট কষ্টৰ সন্মুখীন হৈছে আনন্দ মেলাখনৰ লগত জড়িত লোক সকল ৷ মালিকপক্ষই কিছু পৰিমাণৰ আৰ্থিক সহাঁৰি প্ৰদান কৰি আছে যদিও সেই পৰিমাণ পৰ্যাপ্ত নোহোৱাৰ ফলত, সম্প্ৰতি নিকটৱৰ্তী চাহ বাগিছাত গৈ দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰিবলৈ বাধ্য হৈ পৰিছে কৰ্মচাৰী সকল ৷ জানিব পৰা মতে, আনন্দ মেলা খনৰ লগত জড়িত হৈ আছে প্ৰায় 50 গৰাকী লোক ৷

লগতে পঢ়ক: ঠেলামৰাৰ শেহতীয়া পৰিস্থিতি সম্পৰ্কে ইটিভি ভাৰতৰ গ্ৰাউণ্ড জিৰ’ ৰিপ’ৰ্ট...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.