ETV Bharat / state

21 তম এছিয়ান মাষ্টাৰ চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰিব দুই অসম সন্তানে - শিৱসাগৰৰ উদীয়মান এথলেটিক অনন্ত ৰাজকোঁৱৰ লগতে নাজিৰাৰ মন্দিৰা গগৈ

21 তম এছিয়ান মাষ্টাৰ চেম্পিয়নশ্বিপলৈ ভাৰতীয় দলৰ বাবে নিৰ্বাচিত হৈছে শিৱসাগৰৰ প্ৰতিভাৱান খেলুৱৈ অনন্ত ৰাজকোঁৱৰৰ লগতে নাজিৰাৰ মন্দিৰা গগৈ ৷ ডিচেম্বৰ মাহত অংশ গ্ৰহণ কৰিব এই প্ৰতিযোগিতাত ৷

21 তম এছিয়ান মাষ্টাৰ চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰিব দুই অসম সন্তানে
21 তম এছিয়ান মাষ্টাৰ চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰিব দুই অসম সন্তানে
author img

By

Published : Nov 28, 2019, 7:37 PM IST

শিৱসাগৰ, 28 নৱেম্বৰ: অসমৰ ক্ৰীড়াজগতৰ বাবে সুখবৰ । আগন্তুক 21 তম এছিয়ান মাষ্টাৰ চেম্পিয়নশ্বিপত ভাৰতৰ হৈ প্ৰতিদ্বন্দিতা আগবঢ়াব শিৱসাগৰৰ উদীয়মান এথলেটিক অনন্ত ৰাজকোঁৱৰ লগতে নাজিৰাৰ মন্দিৰা গগৈয়ে ৷ অহা ডিচেম্বৰ মাহত অনুষ্ঠিত হ'বলগীয়া 21 তম এছিয়ান মাষ্টাৰ চেম্পিয়নশ্বিপ 2019 লৈ নিৰ্বাচিত হৈছে ৰাজকোঁৱৰৰ লগতে মন্দিৰা গগৈ । 2 ৰ পৰা 7 ডিচেম্বৰলৈ মালয়েছিয়াৰ চাৰাউৱাত অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতা ৷

এই প্ৰতিযোগিতাৰ বাবে ইতিমধ্যে কঠোৰ অনুশীলন অব্যাহত ৰাখিছে 45 বছৰীয়া খেলুৱৈগৰাকীয়ে ৷ অহা 30 নৱেম্বৰত গুৱাহাটী পৰা মালেছিয়ালৈ ৰাওনা হ'ব ৰাজকোঁৱৰ ।

অনন্ত ৰাজকোঁৱৰ
অনন্ত ৰাজকোঁৱৰ

23 বছৰ ধৰি সক্ৰিয়ভাৱে ক্ৰীড়াৰ লগত জড়িত হৈ থকা উদীয়মান খেলুৱৈগৰাকীয়ে শিৱসাগৰত এখন উন্নত মানৰ খেলপথাৰৰ অভাৱ অনুভৱ কৰাৰ লগতে চৰকাৰে এই দিশটোত শীঘ্ৰ গুৰুত্ব আৰোপ কৰা উচিত বুলি মন্তব্য কৰে । কিন্তু অতি পৰিতাপৰ বিষয় এই যে, ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ যোৱা এই খেলুৱৈগৰাকীয়ে এতিয়া লৈ লাভ কৰা নাই কোনো ধৰণৰ চৰকাৰী সাহায্য ৷ যাৰ বাবে নিজৰ ঘাঠিৰ ধন ভাঙি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ওলাইছে খেলুৱৈগৰাকীয়ে ৷

এছিয়ান মাষ্টাৰ চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰিব দুই অসম সন্তানে

উল্লেখ যে, অনন্ত ৰাজকোঁৱৰে ইয়াৰ পূৰ্বে দুইবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় যোগাসনত অংশগ্ৰহণ কৰিছে । বর্তমান জিলা ক্ৰীড়া কার্যালয়ত যোগ প্ৰশিক্ষক হিচাপে কৰ্মৰত ৰাজকোঁৱৰ । স্বর্গীয় জিতেন ৰাজকোঁৱৰ আৰু লক্ষ্মী ৰাজকোঁৱৰৰ পুত্ৰ হৈছে অনন্ত ৰাজকোঁৱৰ ।

লগতে চাওক-বিধ্বংসী গৰাখহনীয়াৰ কৱলত বিজনীৰ শ-শ গাওঁ

Intro:Body:*২১তম এছিয়ান মাষ্টাৰ চেম্পিয়নশ্বিপলৈ ভাৰতীয় দলৰ হৈ নির্বাচত হৈছে শিৱসাগৰৰ ফুকন নগৰৰ মেটেকা ঘাটৰ নিৱাসী প্রতিভাৱান খেলুৱৈ অনন্ত ৰাজকোঁৱৰ*

Story-VATERN_ATHLIT
Ananta Smith
Sivasagar
28th November

ক্রীয়াপ্রেমী সকললৈ এক সুখবৰ। শিৱসাগৰৰ এজন উদীয়মান এথলেটিক খেলুৱৈ অনন্ত ৰাজকোঁৱৰ নির্বাচত হৈছে আগন্তক ডিচেম্বৰ মাহত অনুষ্ঠিত হ'বলগীয়া ২১ তম এছিয়ান মাষ্টাৰ চেম্পিয়নশ্বিপলৈ ২০১৯ লৈ। অনন্ত ৰাজকোঁৱৰে ভাৰতীয় দলৰ হৈ প্ৰতিনিধিত্ব কৰিব অহা ডিচেম্বৰ মাহৰ ২ তাৰিখৰ পৰা ৭ তাৰিখলৈকে মালয়েছিয়াৰ চাৰাউৱাত অনুষ্ঠিত হ'বলগীয়া ২১ তম এছিয়ান মাষ্টাৰ চেম্পিয়নশ্বিপত।

৪৫ বছৰৰ উৰ্দ্ধৰ ৰাজকোঁৱৰে অহা ৩০ নৱেম্বৰত গুৱাহাটী পৰা ৰাওনা হ'ব মালেছিয়ালৈ। জানিব পৰা মতে, শিৱসাগৰৰ দুজনে অশংগ্রহণ কৰিব উক্ত প্রতিযোগিতাত শিৱসাগৰ নগৰৰ পৰা অনন্ত ৰাজকোঁৱৰ আৰু নাজিৰাৰ পৰা মন্দিৰা গগৈ ।

প্রায় ২৩ বছৰ ধৰি ক্রীয়াৰ লগত সক্রিয়ভাৱে জড়িত হৈ থকা উদীয়মান খেলুৱৈ জনে শিৱসাগৰত এখন উন্নত মানৰ খেলপথাৰৰ অভাৱ অনুভৱ কৰাৰ লগতে চৰকাৰে এই দিশটোত শীঘ্র গুৰুত্ব আৰোপ কৰা উচিত বুলি ও মন্তব্য কৰে।

অতি পৰিতাপৰ বিষয় যে, এছিয়ান এথলেটিকচত অসমৰ পৰা অংশগ্ৰহণ কৰিবলৈ ওলোৱা এই যাত্ৰাত দুই এজন শুভাকাংক্ষীৰ সামান্য সহায়ৰ বাদে সম্পূৰ্ণ খৰচ তেখেতে তেওঁ নিজে বহন কৰিবলগীয়া হৈছে। লাভ কৰা নাই কোনো ধৰণৰ চৰকাৰী সাহায্য ।

উল্লেখ যে, অনন্ত ৰাজকোঁৱৰে পূর্বে ২ বাৰ আন্ত:ৰাষ্ট্রীয় যোগাসনত অংশগ্ৰহণ কৰিছে। বর্তমান তেখেত জিলা ক্রীয়া কার্যলয়ত যোগ প্ৰশিক্ষক হিচাপে কৰ্মৰত। স্বর্গীয় জিতেন ৰাজকোঁৱ আৰু লক্ষীমি ৰাজকোঁৱৰৰ পুত্ৰ। ঈশান নিউজৰ তৰফৰ পৰা ও তেখেতলৈ শুভেচ্ছা জ্ঞাপন কৰা হ'ল।

Bite-অনন্ত ৰাজকোঁৰConclusion:

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.