আমগুৰি, 17 এপ্ৰিলঃ আমগুৰিত নিশা উপস্থিত হয় নাগালেণ্ডৰ কয়লাখনিত কৰ্মৰত ২১ জন শ্ৰমিক ৷ লক ডাউনৰ সময়ছোৱাত তীব্ৰ খাদ্য সংকটত পৰি নিজ গৃহলৈ অহাৰ চেষ্টা শ্ৰমিক কেইজনৰ ৷
অসমৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ এনাকীৰ কয়লা খনিত শ্ৰমিক হিচাপে কৰ্মৰত আছিল ২১ জন শ্ৰমিক । বহস্পতিবাৰে নিশা শ্ৰমিক কেইজনে কৰ্মস্থলীত তীব্ৰ খাদ্য সংকটত পৰাৰ বাবে খোজকাঢ়ি হালোৱাটিং হৈ আমগুৰিত উপস্থিত হয় ৷ উল্লেখ্য যে, শ্ৰমিক কেইজন নাগালেণ্ডৰ ৰাঙথাঙৰ ষ্টিংছাৰ নামৰ ঠিকাদাৰ জনৰ পৰিচালনাত কাম কৰিছিল ৷ কিন্তু শ্ৰমিক সকলক কোনো ধৰণৰ খাদ্য-সামগ্ৰী যোগান নধৰা বুলি শ্ৰমিক সকলে গুৰুতৰ অভিযোগ তোলে উক্ত ঠিকাদাৰ জনৰ বিৰুদ্ধে ৷ নিশা কৰ্তব্যৰত আমগুৰি আৰক্ষীয়ে শ্ৰমিক কেইজনক আমগুৰি চিকিৎসালয়ত চিকিৎসাৰ ব্যৱস্থা কৰি কোৱাৰেন্টাইনৰ ব্যৱস্থা কৰে ৷ আনহাতে, শ্ৰমিকসকলক আমগুৰিৰ সদৌ টাই আহোম ছাত্ৰ সন্থা,আটাছু আমগুৰি আঞ্চলিক সমিতিয়ে খাদ্য সামগ্ৰী যোগান ধৰাৰ লগতে শ্ৰমিকসকলক নৈশ আহাৰৰ ব্যৱস্থা কৰি দিয়ে ।
লগতে পঢ়ক- অসমত কােনাে ভোকত থাকিব নালাগে : সৰ্বানন্দ সোণোৱাল