ETV Bharat / state

নিৰ্বাচন 2021 : আজি 47 টা সমষ্টিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ

author img

By

Published : Mar 27, 2021, 6:59 AM IST

অসম বিধান সভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ আৰম্ভ ৷ উজনি অসমৰ 12খন জিলাৰ মুঠ 47 টা সমষ্টিত 81,09,815গৰাকী ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব 264 গৰাকী প্ৰাৰ্থীৰ ৷

1st phase polling of assam election 2021 held today

নিউজ ডেস্ক, 27 মাৰ্চ : ৰাজ্যত আজি অনুষ্ঠিত হৈছে 2021ৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ৷ পুৱা 7 বজাৰ পৰা অনুষ্ঠিত হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ উজনি অসমৰ 12 খন জিলাৰ মুঠ 47 টা সমষ্টিত অনুষ্ঠিত হৈছে এই ভোটগ্ৰহণ ৷ মুঠ 264 গৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী হ’ব ইভিএমত ৷ 264 গৰাকী প্ৰাৰ্থীৰ ভিতৰত 241 গৰাকী পুৰুষ প্ৰাৰ্থী আৰু 23 গৰাকী মহিলা প্ৰাৰ্থী ৷

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰিব মুঠ 81,09,815গৰাকী ভোটাৰে ৷ ইয়াৰ ভিতৰত পুৰুষ ভোটাৰৰ সংখ্যা হৈছে 40,77,210গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা হৈছে 40,32,481গৰাকী ৷ ইয়াৰ লগতে 124 গৰাকী হৈছে তৃতীয় লিংগৰ ভোটাৰ ৷

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা উল্লেখযোগ্য প্ৰাৰ্থীসকলৰ ভিতৰত আছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়া, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈ, অসম জাতীয় পৰিষদৰ সম্পাদক জগদীশ ভূঞা, ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, বিজেপিৰ জ্যেষ্ঠ নেতা ৰঞ্জিত দত্ত, প্ৰশান্ত ফুকন, অগপৰ সভাপতি অতুল বৰা, অগপ নেতা কেশৱ মহন্ত, কংগ্ৰেছৰ ৰকিবুল হুছেইন, ৰূপজ্যোতি কুৰ্মী, বিস্মিতা গগৈ, প্ৰণতি ফুকন, ভূপেন বৰা, বিজেপিৰ আঙুৰলতা ডেকা, অজন্তা নেওগ আদি ৷ ইয়াৰ ভিতৰত আকৰ্ষণীয় হিচাপে বিবেচিত হৈছে নাহৰকটীয়া, মাজুলী, শিৱসাগৰ, চামগুৰি, বোকাখাত, গোলাঘাট আদি কেইটামান সমষ্টি ৷

লগতে পঢ়ক : নিৰ্বাচন 2021 : প্ৰতিটো সমষ্টিৰ সবিশেষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.