আমগুৰি,16 জুন : কাঠৰ সামগ্ৰী, তামোলৰ বাকলি আৰু বাঁহেৰে নিৰ্মিত এখন বাহনে ছ’চিয়েল মিডিয়াত লাভ কৰিছে এক বিশেষ চৰ্চা ৷ এই বাহনখন হৈছে দ্বিতীয় ৰাণী এলিজাবেথৰ 97 বছৰীয়া পুৰণি বাহনৰ এক আৰ্হি ৷ আমগুৰি মহাবিদ্যালয়ৰ অধ্যাপক হেমন্ত গগৈয়ে সাজি উলিয়াইছে এই বিশেষ বাহনখন ৷
5 লাখ ৭০ কিল’মিটাৰ দৈৰ্ঘ অতিক্ৰম কৰিব পৰা এই বাহনখন 1924 চনৰ মডেলৰ আমেৰিকাৰ বিখ্যাত মটৰ কোম্পানী ৰ’লছ ৰয়ছ (Rolls Royce)ৰ চিল্ভাৰ ঘোষ্ট (Silver Ghost) ভিণ্টেজ বাহনখনৰ এক আৰ্হি ৷ উল্লেখ্য যে, ইংলেণ্ডৰ দ্বিতীয় ৰাণী এলিজাবেথৰ মুঠ 125 খন বাহনৰ ভিতৰত এইখনো আছিল অন্যতম ।
লক ডাউনৰ সময়ছোৱাত সময়ৰ সদব্যৱহাৰ কৰি দৈনিক 8-10 ঘণ্টা ব্যয়ৰে এই বাহনখনৰ আৰ্হি নিৰ্মাণ কৰিছে অধ্যক্ষ হেমন্ত গগৈয়ে ৷ সৰুৰে পৰা হস্তকৰ্মৰ লগতে চিত্ৰাংকণ কৰি ভালপোৱা অধ্যাপক হেমন্ত গগৈয়ে পেলনীয়া সামগ্ৰীৰে ইতিমধ্যে নিৰ্মাণ কৰিছে অন্য বহু সামগ্ৰী ৷
লগতে পঢ়ক : দলৰ সংকট: এআইচিচিৰ সম্পাদক ভূপেন বৰাই কি ক'লে ইটিভি ভাৰতক