ETV Bharat / state

দিব্যজ্যোতিয়ে প্ৰায় ৩ বছৰে যত্নৰে ৰাখিলে জুবিন গাৰ্গৰ চেণ্ডেল

জুবিনৰ এগৰাকী অনুৰাগী । নলবাৰীৰ দিব্যজ্যোতি দাস (Zubeen Garg Fans from Nalbari)। দিব্যজ্যোতিয়ে জুবিনক কিমান ভালপায় ? আপুনি কল্পনাও কৰিব নোৱাৰিব । জুবিনৰ এপাত চেণ্ডেল তেওঁ যিদৰে সংৰক্ষণ কৰি ৰাখিছে, সকলোকে আচৰিত কৰি তুলিছে ।

Zubeen
দিব্যজ্যোতিয়ে প্ৰায় ৩ বছৰে যত্নৰে ৰাখিলে জুবিন গাৰ্গৰ চেণ্ডেল
author img

By

Published : Aug 25, 2022, 1:16 PM IST

নলবাৰী,২৫ আগষ্ট : যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ অনুৰাগীৰ কোনো সংখ্যা নাই (Zubeen Garg fans)। অসমৰ লগতে সমগ্ৰ ভাৰতত তেওঁৰ অজস্ৰ অনুৰাগী আছে । কিন্তু তাৰ মাজতে আছে এজন এনে অনুৰাগী যাৰ বিষয়ে শুনিলে আপুনিও আচৰিত হ'ব । অনুৰাগীজন হৈছে নলবাৰীৰ বৰভাগ বৰশিমলুৱাৰ দিব্যজ্যোতি দাস (Zubeen fans of Nalbari)।

জুবিন গাৰ্গক তেওঁ ইমানে ভাল পায় যে শিল্পীগৰাকীৰ এপাত চেণ্ডেলক সংৰক্ষিত কৰি ৰাখি জুবিন গাৰ্গক গুৰু হিচাপে মানি আহিছে যুৱকজনে । হয়, আচৰিত যেন লাগিলেও এয়াই সত্য । ২০১৯ চনৰ ১৫ ছেপ্টেম্বৰৰ ঘটনা । নলবাৰীৰ আগশাৰীৰ শিক্ষানুষ্ঠান বৰভাগ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী অনুষ্ঠানৰ অন্তিম দিনৰ কাৰ্যসূচীত আছিল জুবিন গাৰ্গৰ অনুষ্ঠান ।

সৰুৰে পৰা জুবিন গাৰ্গৰ গীত শুনি ভালপোৱা দিব্যজ্যোতিও গৈছিল অনুষ্ঠানলৈ । অনুষ্ঠান শেষ হোৱাৰ পিছত জুবিনৰ অনুৰাগীয়ে চেলফি তুলিবলৈ হেতা-ওপৰা লগাইছিল । সেই সময়তে বোকাৰ মাজত ৰৈ গৈছিল জুবিন গাৰ্গৰ দুয়োপাত চেণ্ডেল । তাৰেই এপাত বিচাৰি পাইছিল দিব্যজ্যোতিয়ে ।

তেতিয়াৰে পৰা যুৱকজনে চেণ্ডেলপাত সংৰক্ষণ কৰি ৰাখিছে (Dibyajyoti kept Zubeen sandals with care)। আচৰিত কথাটো হ'ল যে কোনো আনুষ্ঠানিক গুৰু নথকা দিব্যজ্যোতিয়ে সেই চেণ্ডেলপাত সংৰক্ষণ কৰি থৈ জুবিন গাৰ্গক গুৰু হিচাপে বিবেচনা কৰি সংগীতৰ চৰ্চা চলাই গৈছে ।

দিব্যজ্যোতিয়ে প্ৰায় ৩ বছৰে যত্নৰে ৰাখিলে জুবিন গাৰ্গৰ চেণ্ডেল

উল্লেখ্য যে শেহতীয়াকৈ বানৰ কৱলত পৰিছিল যুৱকজনে বাস কৰা বৰশিমলুৱা গাঁওখন । সেই প্ৰলয়ংকাৰী বানতো জুবিনৰ চেণ্ডেলপাত ঘৰৰ মূধচৰ কাঠত বান্ধি অতি যত্নৰে ৰাখিছিল দিব্যজ্যোতিয়ে ।কেৱল এয়াই নহয় জুবিন গাৰ্গৰ প্ৰতিটো গানে মুখস্থ আছে দিব্যজ্যোতিৰ । দিব্যজ্যোতিৰ কণ্ঠও অতি সুমধুৰ ।

সংগীতৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰিলেও তেওঁৰ কণ্ঠৰ যাদুৱে বহুতকে আকৰ্ষিত কৰি আহিছে । ইফালে মাছ বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়ে দিব্যজ্যোতিৰ পিতৃয়ে । দিব্যজ্যোতিক সংগীতৰ পথাৰত আগুৱাই নিবলৈ পিতৃৰ নাই পৰ্যাপ্ত সামৰ্থ ।

অৱশ্যে গীতৰ সৈতে তাল মিলাবলৈ দিব্যজ্যোতিৰ এটা গীতাৰ আছিল, কিন্তু বিগত বানত সেইটোও ক্ষতিগ্ৰস্ত হয় । ইয়াৰ মাজতো জুবিনৰ অনুৰাগী দিব্যজ্যোতিৰ মনত এটা হেপাঁহ আছে । তেওঁ হয়টো কেতিয়াবা হাৰ্টথ্ৰৱ জুবিন গাৰ্গক লগ পাব ? জুবিন গাৰ্গক সাক্ষাৎ কৰি তেওঁ চেণ্ডেলপাতো উভটাই দিব বিচাৰে । অৱশ্যে দিব্যজ্যোতিৰ মনৰ আশা কেতিয়াবা পূৰণ হ'ব নে ?

লগতে পঢ়ক :মাজুলীৰ মুখা শিল্পক অপমান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.