নলবাৰী, 4 ফেব্ৰুৱাৰী : অৰ্থনৈতিক বিপ্লৱ সৃষ্টি কৰাটোৱে আজিৰ তাৰিখত প্ৰত্যেকজন ব্যক্তিৰে মূল উদ্দেশ্য হ'ব লাগে ৷ বৃহস্পতিবাৰে নলবাৰী সীমান্তৱৰ্তী আমৃখোৱাত মিনপালনৰ বাবে বৃহৎ অঞ্চল পৰিদৰ্শন কৰি এই মন্তব্য কৰে যুৱ-প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে ৷
উল্লেখ্য যে জুবিন গাৰ্গে আজি নলবাৰী সীমান্তৱৰ্তী আমৃখোৱাত প্ৰায় ১৫০০ বিঘা মাটিৰে আৱৰি থকা বৰকণা বিলত মিনপালন বাবে পৰিদৰ্শন কৰে ৷ পৰিদৰ্শন কালত জুবিন গাৰ্গে থলুৱা ভাৱে উৎপাদিত সামগ্ৰীৰ বিক্ৰীৰ জৰিয়তে আৰু স্বাৱলম্বিতাৰ ওপৰত গুৰুত্ব দি এতিয়া গাঁৱে-গাঁৱে, পথাৰে-পথাৰে নামি জৈৱিক পদ্ধতিৰে অসমৰ কৃষি অৰ্থনীতিক আগবঢ়াই নিবলৈ এক প্ৰয়াস কৰিব বুলি সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰে ৷