নলবাৰী,৫ জুনঃ শুকুৰবাৰে বিশ্ব পৰিবেশ দিৱস উপলক্ষে নলবাৰীৰ বনভাগ খাতা দিহজাৰি বিদ্যালয় প্ৰধান শিক্ষক মহেশ্বৰ বাৰ্মা আৰু কিছু সংখ্যক ছাত্ৰই ৰোপণ কৰিলে বিভিন্ন প্ৰজাতিৰ গছ পুলি । 'গছ থাকিলে হে মানুহ থাকিব', এই সাৰ কথাই সৰোগত কৰি গছ ৰোপণ কৰে বিদ্যালয়খত ।
আনহাতে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে একোটিকৈ গছ পুলি ৰোপণ কৰি প্ৰকৃতি সেউজীয়া কৰি ৰখাৰ যি আহ্বান তাৰ অংশ স্বৰূপে নলবাৰী বিধানসভা সমষ্টিৰ বিধায়ক অশোক শৰ্মাই সমষ্টিটোৰ বিভিন্ন ঠাইত গছপুলি ৰোপণ কৰে । তেখেতক সংগ দিয়ে উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰী,জিলা বিজেপি সভাপতি মৃগাংক তালুকদাৰে ।