ETV Bharat / state

আগন্তুক তিনিদিনলৈ বন্ধ নলবাৰীৰ অসামৰিক চিকিৎসালয়ৰ আন্তঃ-বহিঃ বিভাগৰ চিকিৎসা - শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়

সোমবাৰৰ পৰা তিনি দিনলৈ বন্ধ থাকিব নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ আন্তঃ আৰু বহিঃ বিভাগৰ সকলো চিকিৎসা ৷ COVID-19 ৰ ব্যাপক প্ৰসাৰৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনা প্ৰদান নলবাৰী স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ উমেশ ফাংচুৰ ৷

নলবাৰীৰ অসামৰিক চিকিৎসালয়
নলবাৰীৰ অসামৰিক চিকিৎসালয়
author img

By

Published : Jul 20, 2020, 12:16 PM IST

নলবাৰী, 20 জুলাই: COVID-19 ৰ ব্যাপক প্ৰসাৰৰ প্ৰতি লক্ষ্য ৰাখি সোমবাৰৰ পৰা তিনি দিনলৈ বন্ধ ৰখা হ'ব নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ আন্তঃ আৰু বহিঃ বিভাগৰ সকলো চিকিৎসা ৷ অব্যাহত থাকিব কেৱল জৰুৰীকালীন চিকিৎসাৰ ব্যৱস্থা ৷ কিয়নো বৰ্তমানলৈ অসামৰিক চিকিৎসালয় খনৰ 4 গৰাকী চিকিৎসকৰ লগতে, 3 গৰাকী কৰ্মচাৰীৰ দেহত পোৱা গৈছে কৰ'ণাৰ অৱস্থিতি ৷

আগন্তুক তিনিদিনলৈ বন্ধ নলবাৰীৰ অসামৰিক চিকিৎসালয়ৰ আন্তঃ-বহিঃ বিভাগৰ চিকিৎসা

কৰ'ণাৰ এনে ব্যাপক হাৰৰ সংক্ৰমণৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি নলবাৰী জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ উমেশ ফাংচুৱে, অসামৰিক চিকিৎসালয় খনৰ অধীক্ষকলৈ প্ৰেৰণ কৰে এই নিৰ্দেশনা ৷ উল্লেখ্যে যে, বিগত দিনকেইটাত নলবাৰী জিলাত ক্ৰমাগতভাৱে বৃদ্ধি পাবলৈ ধৰিছে কৰ'ণা আক্ৰান্তৰ সংখ্যা ৷ বৰ্তমালৈ জিলা খনত 280 গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈছে ৷ অৱশ্যে বৰ্তমানলৈ আক্ৰান্ত লোক সকলৰ ভিতৰত 159 গৰাকী লোকে আৰোগ্য লাভ কৰিছে ৷ বৰ্তমানে জিলাখনত 121 গৰাকী সক্ৰিয় আক্ৰান্ত ৰোগী আছে ৷ সমান্তৰালকৈ সমগ্ৰ অসমতে কৰ'ণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে মুঠ 23999 গৰাকীলৈ ৷ আনহাতে এই মহামাৰীৰ আক্ৰান্ত ৰাজ্যজুৰি মৃত্য়ুক সাৱটি লৈছে মুছ 57 গৰাকী লোকে ৷ বৰ্তমানে ৰাজ্যত 7916 গৰাকী সক্ৰিয় আক্ৰান্ত ৰোগী আছে ৷

লগতে পঢ়ক: অসমত কৰ‘ণা ভাইৰাছৰ শেহতীয়া তথ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.