ETV Bharat / state

শান্তি নিৱাস বৃদ্ধাশ্ৰমলৈ কিয় আহিল বিধায়ক জয়ন্ত মল্ল বৰুৱা ? - সেৱাই সংগঠন শ্ল'গান

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দ্বিতীয়টো কাৰ্যকালৰ দ্বিতীয় বৰ্ষপূৰ্তিত সমগ্ৰ দেশতে বিজেপি কৰ্মকৰ্তা সকলে উদযাপন কৰে ৷ সেৱাই সংগঠন শ্ল'গানেৰে দেওবাৰে নলবাৰীতো দ্বিতীয় বৰ্ষপূৰ্তি উদযাপন কৰে ৷ নলবাৰীৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই নলবাৰীৰ শান্তি নিৱাস বৃদ্ধাশ্ৰমত উপস্থিত হৈ আশ্ৰমখনৰ বৃদ্ধ ককা-আইতা সকলৰ সৈতে মত বিনিময় কৰে ৷

Why did MLA Jayant Malla Baruah come to Shanti Nivas Old Age Home?
শান্তি নিৱাস বৃদ্ধাশ্ৰমলৈ কিয় আহিল বিধায়ক জয়ন্ত মল্ল বৰুৱা ?
author img

By

Published : May 31, 2021, 2:17 PM IST

নলবাৰী,31 মে': সেৱাই সংগঠন শ্ল'গানেৰে দেওবাৰে সমগ্ৰ দেশতে বিজেপি কৰ্মকৰ্তা সকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দ্বিতীয়টো কাৰ্যকালৰ দ্বিতীয় বৰ্ষপূৰ্তি হিচাপে বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰে ৷ ৰাজ্যৰ আন আন জিলাৰ কৰ্ম-ৰ্কতা সকলৰ দৰে নলবাৰীতো দ্বিতীয় বৰ্ষপূৰ্তি উদযাপন কৰা হয় ৷ নলবাৰীৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই সমষ্টিটোৰ ভিন্ন প্ৰান্তৰ সেৱামূলক কাৰ্যসূচীৰ লগত সংগতি ৰাখি ঘগ্ৰাপাৰ,আকনা গাঁও, ভিঠামহল, কেহেৰুৱা আদি ঠাইত খাদ্য সামগ্ৰী বিতৰণ কৰে ৷

শান্তি নিৱাস বৃদ্ধাশ্ৰমলৈ কিয় আহিল বিধায়ক জয়ন্ত মল্ল বৰুৱা ?

ইয়াৰ পাচত বিধায়ক জয়ন্ত মল্ল বৰুৱা উপস্থিত হয় নলবাৰীৰ শান্তি নিৱাস বৃদ্ধাশ্ৰমত । বৃদ্ধাশ্ৰমখনত উপস্থিত হৈ আশ্ৰমখনৰ বৃদ্ধ ককা-আইতা সকলৰ সৈতে মত বিনিময় কৰি অভিভূত হৈ পৰে বিধায়কগৰাকী । বৃদ্ধাশ্ৰমখনৰ জ্যেষ্ঠ আৱাসী গৌৰী ঘোষৰ সাৱলিল ভাষণ, 85 বছৰীয়া নলিয়া বৰাৰ বিহুগীত, নৃত্য আৰু 97 বছৰীয়া কৈলাশ দাসৰ হৃদয়স্পৰ্শী গীতে মুগ্ধ কৰি তোলে বিধায়ক গৰাকীক ।

উল্লেখ্য যে, সাংবাদিক মজিবুৰ ৰহমানৰ পৰিচালনাত চলি থকা শান্তি নিবাস বৃদ্ধাশ্ৰমৰ আৱাসীসকলৰ সৈতে একেলগে দুপৰীয়াৰ আহাৰো গ্ৰহণ কৰি বিধায়ক গৰাকীয়ে ক'ভিড মহামাৰীৰ এই যুঁজখনত সকলোকে সজাগ আৰু সচেতন হৈ থাকিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক: ভৰা বেঁকীৰ বুকুত জীয়াই থকাৰ সংগ্ৰাম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.