নলবাৰী, 25 জুলাই : নলবাৰীৰ নমাটিৰ আশ্ৰয় শিবিৰত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি ৷ বানৰ তাণ্ডৱৰ মাজতে আশ্ৰয় শিবিৰত এতিয়া দেখা দিছে ভাইৰেল জ্বৰে ৷ প্ৰায় ডেৰ শতাধিক বন্যাৰ্তই আশ্ৰয় লৈ থকা শিবিৰটোত সম্প্ৰতি দহ জনৰো অধিক লোকৰ মাজত ভাইৰেল বিয়পি পৰাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । ইফালে, বানে তচনচ কৰি পেলাইছে ৰাস্তা - ঘাটৰ অৱস্থা ৷ ফলত উপযুক্ত চিকিৎসা লাভ কৰিব পৰা নাই ৰোগীসকলে ৷ ঠেলাৰে কঢ়িয়াব লগীয়া হৈছে ৰোগীক ৷ স্থানীয় লোকে ১০২ এম্বুলেঞ্চক খবৰ দিয়াৰ লগে লগে উপস্থিত হয় যদিও যাতায়তৰ বাবে আধাতে থমকি ৰব লগা হয় এম্বুলেঞ্চ । পিছত আশ্ৰয় শিবিৰৰ লোক সকলে শিবিৰৰ পৰা ৰোগীসকলক একাঠু পানীৰ মাজৰে এখন ঠেলাত নি এম্বুলেঞ্চত উঠাই দিয়ে । পিছত ৰোগী কেইগৰাকীক নলবাৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয়। শিবিৰত ঔষধ আৰু উপযুক্ত চিকিৎসাৰ অভাৱত শংকিত হৈ পৰিছে ৰোগীৰ লগতে আন আন লোকসকল ।
শিবিৰত ভাইৰেল জ্বৰ - চিকিৎসালয়
নমাটিৰ আশ্ৰয় শিবিৰত ভাইৰেল জ্বৰৰ প্ৰাদুৰ্ভাৱ ৷ দহ জনৰো অধিক লোক আক্ৰান্ত জ্বৰত ৷ ঠেলাত নি এম্বুলেঞ্চত উঠাবলগীয়া হৈছে ৰোগীক
![শিবিৰত ভাইৰেল জ্বৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3937849-thumbnail-3x2-ga.jpg?imwidth=3840)
নলবাৰী, 25 জুলাই : নলবাৰীৰ নমাটিৰ আশ্ৰয় শিবিৰত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি ৷ বানৰ তাণ্ডৱৰ মাজতে আশ্ৰয় শিবিৰত এতিয়া দেখা দিছে ভাইৰেল জ্বৰে ৷ প্ৰায় ডেৰ শতাধিক বন্যাৰ্তই আশ্ৰয় লৈ থকা শিবিৰটোত সম্প্ৰতি দহ জনৰো অধিক লোকৰ মাজত ভাইৰেল বিয়পি পৰাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । ইফালে, বানে তচনচ কৰি পেলাইছে ৰাস্তা - ঘাটৰ অৱস্থা ৷ ফলত উপযুক্ত চিকিৎসা লাভ কৰিব পৰা নাই ৰোগীসকলে ৷ ঠেলাৰে কঢ়িয়াব লগীয়া হৈছে ৰোগীক ৷ স্থানীয় লোকে ১০২ এম্বুলেঞ্চক খবৰ দিয়াৰ লগে লগে উপস্থিত হয় যদিও যাতায়তৰ বাবে আধাতে থমকি ৰব লগা হয় এম্বুলেঞ্চ । পিছত আশ্ৰয় শিবিৰৰ লোক সকলে শিবিৰৰ পৰা ৰোগীসকলক একাঠু পানীৰ মাজৰে এখন ঠেলাত নি এম্বুলেঞ্চত উঠাই দিয়ে । পিছত ৰোগী কেইগৰাকীক নলবাৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয়। শিবিৰত ঔষধ আৰু উপযুক্ত চিকিৎসাৰ অভাৱত শংকিত হৈ পৰিছে ৰোগীৰ লগতে আন আন লোকসকল ।
#যাতায়ত বিচ্ছিন্ন#
#ঠেলাৰে কঢ়িয়াইছে ৰোগী#
#বন্যাৰ্তৰ মাজত হাহাকাৰBody:নলবাৰী জিলাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথৰ উত্তৰে বানে বিভিষিকাৰ সৃষ্টি কৰা নমাটিৰ এটা আশ্ৰয় শিবিৰত সম্প্ৰতি ৰোগৰ প্ৰাদুৰ্ভাবে বন্যাৰ্তৰ মাজত আতংকৰ সৃষ্টি কৰিছে।প্ৰথমটো বানে ঘৰবাৰী,ৰাষ্টাঘাট উচান কৰাৰ পিছত কালিৰে পৰা অহা দ্বিতীয়টো বানে বৃহত্তৰ নমাটি অঞ্চলৰ ৰাইজক ত্ৰস্তমান কৰি তুলিছে।প্ৰথমটো বানৰ পিছত আশ্ৰয় শিবিৰত থকা লোক সকল ঘৰমুৱা হোৱাৰ পিছত কালিৰে পৰা অঞ্চলটোৰ ঘৰ দুৱাৰ ৰাষ্টাঘাট সম্পূৰ্ণৰূপে বুৰোৱাৰ উপৰি খহাই যাতায়ত স্তব্ধ কৰি তলিছে। যাৰ ফলত নমাটি মধ্য ইংৰাজী বিদ্যালয়ত স্থাপন কৰা আশ্ৰয় শিবিৰত ভাইৰেল জ্বৰৰ প্ৰাদুৰ্ভাৱ ঘটিছে। প্ৰায় ডেৰ শতাধিক বন্যাৰ্তই আশ্ৰয় লৈ থকা শিবিৰটোত সম্প্ৰতি দহ জনৰো অধিক বন্যাৰ্তৰ মাজত ভাইৰেল পিয়পি পৰাত হাহাকাৰৰ সৃষ্টি হৈছে।ৰোগী সকলৰ মাজত ঔষধ আৰু উপযুক্ত চিকিৎসাৰ অভাবে বিপদৰ আশংকাত ভূগিছে।ইতিমধ্যে শিবিৰটোত আজি বিয়লিৰ ভাগত চাৰিগৰাকী পুৰুষ মহিলাৰ ভাইৰেল জ্বৰৰ তাপ বৃদ্ধি হোৱাত বিচ্ছিন্ন পথ যোগাযোগৰ বাবে হাহাকাৰৰ সৃষ্টি হয়।স্থানীয় বন্যাৰ্তই ১০২ এম্বুলেঞ্চক খবৰ দিয়াৰ লগে লগে উপস্থিত হয় যদিও বানৰ ভয়াবহতা আৰু বিচ্ছিন্ন কৰা যাতায়তৰ বাবে আধাতে থমকি ৰব লগা হয়।পিছত আশ্ৰয় শিবিৰৰ লোক সকলে শিবিৰৰ পৰা একাঠু পানীৰ মাজৰে এখন ঠেলাত এম্বুলেঞ্চত উঠাই দিয়ে।পিছত ৰোগী কেইগৰাকীক নলবাৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয়। অৱশ্যে চাৰি গৰাকী পুৰুষ মহিলাৰ উপৰি শিবিৰটোত কেইবাগৰাকী লোক আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে অঞ্চলটোত দ্বিতীয়টো বানৰ বিভিষিকাৰ মাজতে ভূতৰ ওপৰত দানহ পৰাদি ভাইৰেল জ্বৰে বন্যাৰ্ত সকলক চিন্তিত কৰি তুলিছে।Conclusion:বাইট দুটা আছে।।
নলবাৰীৰ পৰা কৈলাস ডেকা।।