ETV Bharat / state

পাকঘৰৰ ৰাজনীতি: চিলিণ্ডাৰত ষ্টিকাৰ লগাই নিৰ্বাচনী সজাগতা

author img

By

Published : Mar 15, 2021, 8:28 PM IST

নিৰ্বাচন সূচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে নলবাৰীৰ প্ৰায় প্ৰতিটো বিভাগৰ কৰ্মীসকলে দিনে-নিশাই কাম কৰি আছে ৷ জিলা খনত 100 শতাংশ ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে SVEEP য়ে সৰ্ব সাধাৰণ ৰাইজৰ মাজত বিভিন্ন পন্থাৰে ভোটদানৰ বাবে সজাগতা সৃষ্টি কৰিছে ৷

Unique step taken by Nalbari administration to aware voters
চিলিণ্ডাৰত ষ্টীকাৰ লগাই নলবাৰীত ভোটাৰক সজাগ কৰাৰ প্ৰয়াস প্ৰশাসনৰ

নলবাৰী,15 মাৰ্চ: বিধানসভা নিৰ্বাচনক লৈ সষ্টম হৈ পৰিছে নলবাৰী জিলা প্ৰশাসন ৷ নিৰ্বাচন সূচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে প্ৰায় প্ৰতিটো বিভাগৰ কৰ্মী সকলে দিনে-নিশাই কাম কৰি আছে ৷ জিলা নিৰ্বাচনী বিষয়া পূৰৱী কোঁৱৰৰ তদাৰকত বিভিন্ন নিৰ্বাচনী কোষে সংশ্লিষ্ট কামসমূহ কৰি আছে ৷ সমান্তৰালকৈ ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশনামৰ্মে নলবাৰী জিলাতো 100 শতাংশ ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে 'প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্ৰহণ' কোষ (SVEEP) য়ে সৰ্বসাধাৰণ ৰাইজৰ মাজত বিভিন্ন পন্থাৰে ভোটদানৰ বাবে সজাগতা সৃষ্টি কৰিছে ৷

Unique step taken by Nalbari administration to aware voters
চিলিণ্ডাৰত ষ্টিকাৰ লগাই নিৰ্বাচনী সজাগতা

ইয়াৰ বাবে ইতিমধ্যে বাটৰ নাট, ৰেলী, অডিঅ’ গীত, ভিডিঅ’ গীত আদি মুকলি কৰা হৈছে ৷ লগতে জনসংযোগ বিভাগৰ স্থিৰ অনুভাষ যন্ত্ৰযোগে সেইসমূহ প্ৰচাৰ কৰি থকা হৈছে ৷ আনহাতে, নলবাৰী জিলাৰ আটাইকেইটা এল পি জি গেছ এজেঞ্চীতে চিলিণ্ডাৰসমূহত ষ্টিকাৰ লগাই ৰাইজক ভোটদান কৰিবলৈ অনুৰোধ জনাইছে প্ৰশাসনে ৷

Unique step taken by Nalbari administration to create awareness among voters

নলবাৰী জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক, অতিৰিক্ত উপায়ুক্ত, চক্ৰ বিষয়াৰ পদত মহিলা বিষয়া থকা অৱস্থাত জিলাখনৰ মহিলাসকলক ভোটদানৰ প্ৰতি সজাগ কৰাৰ বাবে গেছ চিলিণ্ডাৰত ষ্টিকাৰ লগোৱা কামটোৱে নিশ্চয়কৈ তাৎপৰ্য বহন কৰিছে ৷ কিয়নো সাধাৰণতে মহিলাসকলেহে পাকঘৰত গেছ চিলিণ্ডাৰ ব্যৱহাৰ কৰে ৷

লগতে পঢ়কঃ মন্ত্ৰী হিমন্তক ক্ষুৰধাৰ সমালোচনা ৰাণা গোস্বামীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.