ETV Bharat / state

নলবাৰীত আলফা নেতা জিতেন দত্ত - অৰ্থনৈতিক সংগঠন 'অসম সাৰথি'

জিতেন দত্ত নলবৰীত উপস্থিত হৈ এজন ক্ষুদ্ৰ ব্যৱসায়ীলৈ আৰ্থিক সাহায্য আগবঢ়ায় ৷ 'অসম সাৰথি'ৰ পৰা আৰ্থিক সাহাৰ্য লাভ কৰা ৰিংকু তালুকদাৰ প্ৰথমজন যুৱক বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে আলফা নেতা গৰাকীয়ে।

নলবাৰীত আলফা নেতা জিতেন দত্ত
নলবাৰীত আলফা নেতা জিতেন দত্ত
author img

By

Published : Jun 25, 2020, 3:17 AM IST

নলবাৰী, 25 জুনঃ স্ব-নিৰ্ভৰশীল অৰ্থনীতি গঢ়াৰ উদ্দেশ্যেৰে আলফা নেতা জিতেন দত্তৰ উদ্যোগত অলপতে জন্ম লাভ কৰা অৰ্থনৈতিক সংগঠন 'অসম সাৰথি' ৰ পৰা নলবাৰীৰ এজন ক্ষুদ্ৰ ব্যৱসায়ীলৈ আৰ্থিক সাহায্য আগবঢ়ালে আলফা নেতা জিতেন দত্তই । ৰাইজৰ পৰা 20 টকাকৈ বৰঙণি লৈ সংগৃহীত পুঁজিৰ পৰা ২৫০০০ টকাৰ আৰ্থিক সাহায্য আগবঢ়াই নলবাৰী চহৰৰ গৰ্ডন খেলপথাৰৰ সমীপত নতুনকৈ চেলুন ব্যৱসায় আৰম্ভ কৰা খিলঞ্জীয়া যুৱক ৰিংকু তালুকদাৰক ।

নলবাৰীত আলফা নেতা জিতেন দত্ত

'অসম সাৰথি'ৰ পৰা আৰ্থিক সাহায্য লাভ কৰা ৰিংকু তালুকদাৰ প্ৰথমজন যুৱক বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে আলফা নেতা গৰাকীয়ে। প্ৰথম পৰ্যায়ত সংগ্ৰহ হোৱা 1 লাখ 40 হাজাৰ টকাৰ বৰঙণিৰে 5 খন জিলাৰ নিবণুৱাক সাহায্য আগবঢ়াব বুলি কয় তেওঁ ৷

ইফালে আলফা-চৰকাৰৰ মাজত চলি থকা শান্তি আলোচনাৰ দাবীক ইতিবাচক বুলি অভিহিত কৰি তেওঁ চৰকাৰে দাবী সমুহ পুৰণ কৰিলে খিলঞ্জীয়া ৰাইজৰ ভৱিষ্যত সুৰক্ষিত হ'ব বুলি মন্তব্য কৰে । লগতে খিলঞ্জীয়া সকলে নিজৰ অধিকাৰ আনিব লাগিলে প্ৰথমতে অৰ্থনৈতিক সংগ্ৰাম আৰম্ভ কৰি বজাৰখন নিজৰ হাতলৈ আনিব লাগিব বুলিও তেওঁ প্ৰকাশ কৰে ৷ তেওঁ কয় যে, মাছ, মাংস কণী আৰু শাক পাচলিৰ বজাৰ খন নিজৰ হাতলৈ আনিলেহে ৰাজ্যৰ অৰ্থনীতি উন্নত হব ৷

ৰাজ্যত বিগত সময়ত কেবাজনো খিলঞ্জীয়া লোক দূৰ্বৃত্তৰ হাতত নিহত হ'বলগীয়া ঘটনাক লৈয়ো তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে আলফা নেতা গৰাকীয়ে ।

লগতে পঢ়কঃ খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে জুৰুলা কৰিছে মহানগৰীয়া জীৱন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.