নলবাৰী, 28 নৱেম্বৰ: নলবাৰীৰ টিহুৰ গোবৰাদলত বৃহস্পতি বাৰে সংঘটিত হয় এক ভয়ংকৰ অঘটন । শক্তি বিভাগৰ চৰম দায়িত্বজ্ঞানহীনতাৰ বাবেই সংঘটিত হয় এই ঘটনা ৷ বিদ্যুতৰ কাম কৰি থকা অৱস্থাতে বিদ্যুৎস্পৃষ্ট হৈ বিদ্যুতৰ তাঁৰত ওলমি থাকিল দুই কৰ্মচাৰী ৷ তথ্য অনুসৰি বিদ্যুৎ বিভাগৰ ঠিকাদাৰ হেমেন ডেকাৰ অধীনত কাম কৰি আছিল কেইবাজনো যুৱকে । গোবৰাদলত বিদ্যুতৰ তাৰ সলনি কৰি আছিল কৰ্মচাৰী সকলে । হঠাতে বৰমা বৰঝাৰৰ উপসংমণ্ডল কাৰ্যালয়ৰ পৰা বিদ্যুৎ সংযোগ কৰাৰ ফলত ১১ হেজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰতে ওলমি ৰয় কৰ্মচাৰী দুজন ৷ এই ঘটনাত গুৰুতৰ ভাৱে আহত হোৱা কৰ্মচাৰী দুজন ক্ৰমে কিছমত আলী (২২) আৰু ইউচুফ আলী (২৪) । আহত কৰ্মচাৰী দুজনৰ ঘৰ হাজোৰ বুল্লুটত ৷
উল্লেখ্য যে গুৰুতৰভাবে আহত দুয়োজনকে ততাতৈয়াকৈ নলবাৰী শ্বহীদ মকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও ইয়াৰে কিছমত আলীক উন্নত চিকিৎসাৰ বাবে GMCH লৈ প্ৰেৰণ কৰা হয় ৷