ETV Bharat / state

Triple Talak case: যৌতুকত বলেৰ’ গাড়ী নাপাই পত্নীক তিনি তালাক দিলে ৰেলৱে’ৰ অভিযন্তাই - বেলশৰ আৰক্ষী থানাত তিনি তালাকৰ গোচৰ

ইতিমধ্যেই তিনি তালাক বন্ধ কৰিছে ভাৰত চৰকাৰে । কিন্তু ইয়াৰ পিছতো একাংশ লোকে তিনি তালাকৰ নামত আতিশয্য চলাই আছে পত্নীৰ ওপৰত । এইবাৰ অসমতে তিনি তালাকৰ নামত নিৰ্যাতনৰ বলি হ’ল নলবাৰীৰ এগৰাকী উচ্চ শিক্ষিতা মহিলা (Triple Talak case in Nalbari) । সবিশেষ জানো আহক ৷

triple-talak-case-in-nalbari
Triple Talak case: যৌতুকত বলেৰ’ গাড়ী নাপাই পত্নীক তিনি তালাক দিলে ৰেলৱে’ৰ অভিযন্তাই
author img

By

Published : Dec 26, 2021, 10:44 PM IST

নলবাৰী, 26 ডিচেম্বৰ : বহু বিতৰ্কৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰে তিনি তালাক বাতিল কৰিছে যদিও তিনি তালাকৰ নামত অব্যাহত আছে মহিলাৰ ওপৰত নিৰ্যাতন । নলবাৰী জিলাৰ মুকালমুৱা ৰামপুৰ বাপুনবড়ীৰ এগৰাকী মহিলাৰ নিকাহ হৈছিল নলবাৰীৰ সন্ধেলীৰ ৰেলৱে’ৰ অভিযন্তা আমিনুল হকৰ লগত । কিন্তু বিয়াৰ পিছৰ পৰাই মহিলাগৰাকীৰ ওপৰত চলিল মানসিক আৰু শাৰীৰিক অত্যাচাৰ (Domestic violence in Nalbari) ।

অভিযোগ মতে, যৌতুক বিচাৰি উচ্চ শিক্ষিত আমিনুল আৰু আমিনুলৰ পৰিয়ালে চলালে নিৰ্যাতন (Husband assaulted wife for Dowry) । ভাৰতীয় ৰেল বিভাগৰ অভিযন্তা আমিনুল হক আহমেদক লাগে বলেৰ’ গাড়ী । ইতিমধ্যেই পত্নীৰ পৰিয়ালে যৌতুক হিচাপে দিছিল দহ বাৰ লাখ টকাৰ সোণৰ গহনা তথা আন সা-সামগ্ৰী । পিছে এইবাৰ বলেৰ’ লাগে আমিনুলক । এই কথাকে চেলু হিচাপে লৈ পত্নীৰ ওপৰত চলিল নিৰ্যাতন ।

আনকি, আমিনুলৰ ককায়েকেও মহিলাগৰাকীৰ ওপৰত চলালে নানা নিৰ্যাতন । সুযোগ বুজি মহিলাগৰাকীৰ লগত শাৰীৰিক সম্পৰ্ক ৰাখিব বিচাৰাৰো অভিযোগ বৰজনাৰ বিৰুদ্ধে ৷ এই কু-কৰ্মৰ কথা স্বামীক জনোৱাত আমিনুলে পুনৰাই তেওঁৰ ওপৰতে চলাই অত্যাচাৰ ৷ অভিযোগ মতে আমিনুলৰ পৰিয়ালে মহিলাগৰাকীৰ ওপৰত অকথ্য নিৰ্যাতন চলোৱাৰ লগতে গোপনে ঔষধ খুৱাই দি তেওঁৰ গৰ্ভত থকা ভ্ৰূণো হত্যা কৰি পেলাইছিল ।

ইমানবোৰ নিৰ্যাতন সহি থকাৰ মাজতে এতিয়া ঘটিল চূড়ান্ত নিৰ্যাতন । মাজতে অসুস্থতাৰ বাবে পিতৃ গৃহত থকা পত্নী গৰাকী শনিবাৰে ওভটি গৈছিল স্বামী গৃহলৈ । পিছে যৌতুক হিচাপে বলেৰ’ দাবী কৰি থকা অভিযন্তা স্বামী আমিনুল হকে আক্ৰমনাত্মক হৈ তেওঁৰ ওপৰত জপিয়াই পৰে । আনকি তেওঁক হত্যা কৰাৰ বাবে চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰো চেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে আমিনুলৰ বিৰুদ্ধে ।

Triple Talak case: যৌতুকত বলেৰ’ গাড়ী নাপাই পত্নীক তিনি তালাক দিলে ৰেলৱে’ৰ অভিযন্তাই

কোনোমতে এই আক্ৰমণৰ পৰা প্ৰাণ ৰক্ষা পৰা মহিলা গৰাকীক আমিনুল হক আহমেদৰ ককায়েকেও শাৰীৰিকভাবে আক্ৰমণ কৰে । ইয়াৰ পিছতেই আমিনুলে তিনি তালাক দি ঘৰৰ পৰা খেদি পঠাই দিয়ে পত্নীক (Triple Talak case in Nalbari ) । এইদৰে চৰম নিৰ্যাতন সহি আইনৰ ওচৰ চাপে দুৰ্ভগীয়া মহিলা গৰাকী । এই ঘটনাৰ সু-বিচাৰ বিচাৰি বেলশৰ আৰক্ষী থানাত গোচৰ তৰে ভুক্তভোগী মহিলা গৰাকীয়ে । এতিয়া প্ৰশ্ন হয় অভিযন্তা আমিনুল আৰু আমিনুলৰ পৰিয়ালে শাস্তি পাবনে ? নে ন্যায়ৰ অপেক্ষাত বাট চায় ৰ’ব লাগিব ভুক্তভোগী মহিলা গৰাকীয়ে ?

লগতে পঢ়ক : আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰক সুবোধ বিশ্বাসৰে তুলনা শংকৰজ্যোতি বৰুৱাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.