ETV Bharat / state

নলবাৰীত ভণ্ড তান্ত্ৰিকৰ ভণ্ডামিঃ লুটি নিলে ৩ লাখ ৭৫ হাজাৰ - Trantik loated money and wealth

কৌশলেৰে লুটি নিলে একেটা পৰিয়ালৰ ৩ লাখ ৭৫ হাজাৰ টকাৰ লগতে তিনি তোলা সোণ ৷

নলবাৰীত পুনৰ তান্ত্ৰিকৰ তাণ্ডৱ
author img

By

Published : Sep 22, 2019, 10:44 PM IST

নলবাৰী,২২ ছেপ্তেম্বৰ: ৰাজ্যত পুনৰ সংঘটিত তান্ত্ৰিকৰ তাণ্ডৱ । এইবাৰ তান্ত্ৰিকৰ কৱলত পৰি সৰ্বস্বান্ত হল নলবাৰীৰ এটা পৰিয়াল । ঘটনা অনুসৰি নলবাৰী জিলাখনৰ বৰভাগৰ বালা গাওঁত সংঘটিত হৈছে এই ঘটনা । গাওঁখনৰ প্ৰবীণ কুমাৰ শৰ্মা আৰু দিপীকা শৰ্মা নামৰ এহাল দম্পতীৰ পৰা নিজকে অজয় ওজা বুলি পৰিচয় দিয়া তান্ত্ৰিক এজনে কৌশলেৰে ৩ লাখ ৭৫ হাজাৰ টকাৰ লগতে তিনি তোলা সোণ লুটি নিয়া ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য ।

নলবাৰীত পুনৰ তান্ত্ৰিকৰ তাণ্ডৱ

উল্লেখ্য যে অজয় ওজা নামৰ তান্ত্ৰিকজনে প্ৰথম দুদিন পৰিয়ালটোৰ ঘৰত প্ৰৱেশ কৰি পূজা-পাতাল কৰাৰ লগতে তেওঁলোকৰ ঘৰৰ ভেটিত টকাৰ ভাণ্ডাৰৰ লগতে মনষা দেৱীৰ কিবা বস্তু থকা বুলি কৈ সমস্ত ধন উলিয়াই দিব বুলি কয় । ইয়াৰ পিছত পুনৰ ৯ ছেপ্তেম্বৰৰ দিনটোত তান্ত্ৰিকজন উপস্থিত হয় প্ৰবীণ কুমাৰ শৰ্মাৰ ঘৰত । উপস্থিত হোৱাৰ পাছতে দম্পতীহালৰ লগত থকা টকাৰ দুগুণ টকা ঘৰৰ ভেটিৰ তলত থকা ভাণ্ডাৰৰ পৰা উলিয়াই দিম বুলি কৈ লগত থকা সমষ্ট নগদ ধন উলিয়াই আনিবলৈ দিয়ে । তান্ত্ৰিকৰ আভুৱাভৰা কথাত ভুল গৈ নগদ ধন ৩ লাখ ৭৫ হাজাৰ টকা বাকচৰ পৰা উলিয়াই দিয়ে দম্পত্তিহালে । ইয়াৰ পাছতে ধন খিনি তান্ত্ৰিক জনে কাগজ এখনেৰে মেৰিয়াই কলপাতত বান্ধি থৈ দিয়াৰ লগতে তেওঁলোকৰ লগত থকা গহণা বিচাৰে । নগদ ধন আৰু সোনখিনি তান্ত্ৰিকজনক গতাই দিয়াৰ পাছতে ধুৰন্ধৰ তান্ত্ৰিকজনে টকাখিনি আৰু সোণখিনি বাকচ এটাত থ'বলৈ দি চকুমুদি সেৱা কৰিবলৈ দিয়ে আৰু লগে লগে কপালত ফোঁট দিয়াৰ লগতে বাকচটো তেওঁলোকক তিনিদিন নুচুবলৈ পৰামৰ্শ দিয়ে । তান্ত্ৰিক জনৰ আভুৱা ভৰা কথাত বিশ্বাস ৰাখি পৰিয়ালটোৱে তিনিদিন ধৰি বাকচটো স্পৰ্শ নকৰাকৈ থাকিল যদিও সন্দেহ উপজাত চৰ্তুথ দিনা বাকচটো খুলি চাই ভিতৰত মাত্ৰ দুখন উকা কাগজ প্ৰত্যক্ষ কৰি আচৰিত হৈ উঠে । ইয়াৰ লগে লগে তেওঁলোকে তান্ত্ৰিকজনক যোগাযোগ কৰিবলৈ চেষ্টা কৰে যদিও কোনো শুংসুত্ৰ উলিয়াব নোৱাৰিলে তান্ত্ৰিকজনৰ । উপায়বিহীন হৈ পৰিয়ালটোৱে কমাৰকুছি আৰক্ষী চকীত গোচৰ তৰিছে যদিও আৰক্ষীয়ে বৰ্তমানলৈকে উলিয়াবলৈ সক্ষম হোৱা নাই তান্ত্ৰিকৰ কোনো শুং-সুত্ৰ ।

Intro:#নলবাৰীত তান্ত্ৰিকে লুটিলে
প্ৰায় চাৰি লক্ষাধিক টকাৰ লগতে তিনি তোলাকৈ সোণ ।
Body:
নলবাৰীত তান্ত্ৰিকৰ কবলত পৰি এটা পৰিয়াল সৰ্বস্বান্ত হোৱা ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য ।জিলাখনৰ বৰভাগৰ বালা গাওঁত সংঘটিত হৈছে এই ঘটনা ।গাওঁখনৰ প্ৰবীণ কুমাৰ শৰ্মা আৰু দিপীকা শৰ্মা নামৰ এই দম্পতীহালৰ পৰা নিজকে অজয় ওজা বুলি পৰিচয় দিয়া তান্ত্ৰিক এজনে ধাৰত লৈ কোনো কামৰ বাবে যোগাৰ কৰি থোৱা ৩ লাখ ৭৫ হাজাৰ টকাৰ লগতে তিনি তোলা সোণ ভেল্কীবাজি কৰি লুটি নিয়ে ।

ভুক্তভোগী দম্পতীহালে জনোৱা মতে অজয় ওজা নামৰ তান্ত্ৰিকজনে প্ৰথম দুদিন পৰিয়ালটোৰ ঘৰত প্ৰৱেশ কৰি পূজা-পাতাল কৰাৰ লগতে তেওঁলোকৰ ঘৰৰ ভেটিত টকাৰ ভাণ্ডাৰ ৰ লগতে মনষা দেৱীৰ কিবা বস্তু থকা বুলি কৈ উলিয়াই দিব বুলি কয় ।তাৰ পিছত যোৱা ন ছেপ্টেম্বৰত পুনৰ তেওঁলোকৰ ঘৰলৈ আহি তেওঁলোকক তেওঁলোকৰ লগত পইছাৰ দুগুণ টকা ঘৰৰ ভেটিৰ তলত থকা ভাণ্ডাৰৰ পৰা উলিয়াই দিম বুলি কৈ পইছা বিচৰাত তেওঁলোকে বিশ্বাসত লৈ নগদ ধন ৩ লাখ ৭৫ হাজাৰ টকা বাকচৰ পৰা উলিয়াই দিয়াৰ পিছত ধন খিনি তান্ত্ৰিক জনে কাগজ এখনেৰে মেৰিয়াই বান্ধি কলপাতত থৈ দিয়াৰ লগতে তেওঁলোকৰ লগত থকা গহণা বিচাৰে ।তাৰ পিছত ধুৰন্ধৰ তান্ত্ৰিকজনে টকাখিনি আৰু সোণখিনি বাকচ এটাত থ'ব দি চকুমুদি সেৱা কৰিব দি কপালত ফোঁট দিয়াৰ লগতে বাকচটো তেওঁলোকক তিনিদিন নুচুবলৈ পৰামৰ্শ দিয়ে ।তান্ত্ৰিক জনৰ আভুৱা ভৰা কথাত বিশ্বাস ৰাখি পৰিয়ালটোৱে তিনিদিন ধৰি বাকচটো স্পৰ্শ নকৰাকৈ থাকিল যদিও সন্দেহ উপজাত চৰ্তুথ দিনা বাকচটো খুলি চাই ভিতৰত মাত্ৰ দুখন উকা কাগজ প্ৰত্যক্ষ কৰি আচৰিত হৈ উঠে।লগে লগে তান্ত্ৰিকজনক তেওঁলোকে যোগাযোগ কৰে যদিও সফল হ'ব নোৱাৰিলে ।উপায়বিহীন হৈ পৰিয়ালটোৱে কমাৰকুছি আৰক্ষী চকীত গোচৰ তৰিছে যদিও আৰক্ষীয়ে কোনো শুং-সুত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই ।Conclusion:কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.