ETV Bharat / state

Drug peddlers arrested: বিদ্যুতৰ খুঁটাত বান্ধি ৰাইজে উত্তম-মধ্যম সোধালে ড্ৰাগছ সৰবৰাহকাৰীক - ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ত

আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত এইবাৰ আগভাগ ল'লে ৰাইজে ৷ নলবাৰীৰ মুকালমুৱাত ৰাইজে ধৰি বান্ধি ড্ৰাগছ সৰবৰাহকাৰীক গতাই দিলে আৰক্ষীক (Drug peddlers arrested in Nalbari) ৷

three-drug-peddler-arrested-in-mukalmua-nalbari
বিদ্যুতৰ খুঁটাত বান্ধি ৰাইজে উত্তম-মধ্যম সোধালে ড্ৰাগছ সৰবৰাহকাৰীক
author img

By

Published : Jul 24, 2022, 9:00 AM IST

নলবাৰী, 24 জুলাই : ৰাজ্যৰ ভিন্ন প্ৰান্তত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে (Assam police raid against drugs)। বিভিন্ন জিলাত আৰক্ষীয়ে প্ৰায় প্ৰতিদিনে ড্ৰাগছ জব্দ কৰাৰ লগতে এই ব্যৱসায়ত জড়িত বহু লোকক গ্ৰেপ্তাৰ কৰিছে । অৱশ্যে ইয়াৰ পাছতো একাংশ দুষ্টচক্ৰই বিভিন্ন ধৰণৰ কৌশল অৱলম্বন কৰি ৰাজ্যত মাৰাত্মক ড্ৰাগছৰ বেহা অব্যাহত ৰাখিছে । যাৰ বাবে অসম আৰক্ষী পুনৰ এই ক্ষেত্ৰত কঠোৰ হৈছে ।

এইবাৰ ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ত কৰাত আগভাগ ল'লে ৰাইজে (Public detained drug peddlers) ৷ তিনিটাকৈ ড্ৰাগছ সৰবৰাহকাৰীক নলবাৰীৰ মুকালমুৱাবাসী ৰাইজে ধৰি বান্ধি গতাই দিলে আৰক্ষীক ৷

বিদ্যুতৰ খুঁটাত বান্ধি ৰাইজে উত্তম-মধ্যম সোধালে ড্ৰাগছ সৰবৰাহকাৰীক

জানিব পৰা মতে, দীৰ্ঘদিন ধৰি মুকালমুৱা অঞ্চলত সন্ধিয়া হ'লেই ওলাই আহি ড্ৰাগছ সেৱন কৰি উক্ত অঞ্চলটোত এক সন্ত্ৰাস চলাই আহিছিল ড্ৰাগছ সৰবৰাহকাৰী কেইটাই । যাৰ ফলত অতিস্ত হৈ পৰিছিল অঞ্চলটোৰ স্থানীয় ৰাইজ ৷ সেয়ে অৱশেষত ৰাইজে এক সিদ্ধান্ত গ্ৰহণ কৰি সৰবৰাহকাৰী কেইটাক হাতে-লোটে কৰায়ত্ত কৰি বিদ্যুতৰ খুঁটাত বান্ধি ৰাইজে উত্তম-মধ্যম শোধাই তিনিওকে মুকালমুৱা আৰক্ষীৰ হাতত গতাই দিয়ে (Drug peddlers arrested in Nalbari) ।

ইফালে, এই আটকাধীন সৰবৰাহকাৰী কেইটা হৈছে ক্ৰমে সুনিল হালৈ, বিশ্বজিৎ দাস আৰু সোন আলী(Three Drugs Peddler Arrested) ৷ ইয়াৰে বিশ্বজিৎ দাস আৰু সুনিল দাসৰ ঘৰ নলবাৰীৰ জয়সাগৰত আৰু সোণ আলীৰ ঘৰ মুকালমুৱাত বুলি জানিব পৰা গৈছে ৷ আটকাধীন সৰবৰাহকাৰী কেইটাৰ পৰা আৰক্ষীয়ে ড্ৰাগছো জব্দ কৰিবলৈ সক্ষম হয় ৷ বৰ্তমান এই আটকাধীন সৰবৰাহকাৰী কেইটাৰ জেৰা অব্যাহত ৰাখিছে মুকালমুৱা আৰক্ষীয়ে ৷

লগতে পঢ়ক : Drugs seized in Hojai : হোজাইত ১ কোটি টকাৰ ড্ৰাগছ জব্দ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.