ETV Bharat / state

কালীসাগৰ পুখুৰীত উদ্ধাৰ নৃত্যশিল্পী কণ দাসৰ মৃতদেহ

author img

By

Published : Sep 7, 2022, 1:56 PM IST

মঙলবাৰে গা ধুবলৈ গৈ নলবাৰীৰ ঐতিহাসিক কালীসাগৰ পুখুৰীত নিৰুদ্দেশ হৈছিল থিয়েটাৰৰ নৃত্যশিল্পী কণ দাস । ২৪ ঘণ্টা ধৰি অভিযান চলোৱাৰ পাছত বুধবাৰে পুৱা SDRFৰ দলে উদ্ধাৰ কৰে শিল্পীগৰাকীৰ মৃতদহে (Dead body recovered at Nalbari)। সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পৰিছে ।

Theatre
কালীসাগৰ পুখুৰীত উদ্ধাৰ নৃত্যশিল্পী কন দাসৰ মৃতদেহ

নলবাৰী,৭ ছেপ্টেম্বৰ : অৱশেষত উদ্ধাৰ হ'ল লুইতপৰীয়া থিয়েটাৰৰ নৃত্যশিল্পী কণ দাসৰ মৃতদেহ (Luitporia Theatre artist body recovered)। নলবাৰীৰ বালিলেচাৰ ঐতিহাসিক কালী দেৱালয়ৰ কালিসাগৰ পুখুৰীত উদ্ধাৰ শিল্পীগৰাকীৰ মৃতদেহ । মঙলবাৰে গা ধুবলৈ গৈ নিখোজ হৈছিল শিল্পীগৰাকী (Artist drowns in Nalbari)। লগে লগে SDRFৰ সহযোগত স্থানীয় প্ৰশাসনে পুখুৰীত উদ্ধাৰ অভিযান চলাইছিল ।

অভিযানৰ অন্তত বুধবাৰে নৃত্যশিল্পীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হয় (Theatre artist dead)। আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে । আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰি তদন্তও আৰম্ভ কৰিছে ।

উল্লেখ্য যে কণ দাস বজালী জিলাৰ সৰুপেটাৰ বাসিন্দা । লুইতপৰীয়া থিয়েটাৰৰ নৃত্য বিভাগৰ শিল্পী হিচাপে তেওঁ কাম কৰিছিল । কণ দাসৰ পত্নীৰ লগতে এটি কণমানি সন্তানো আছে । শিল্পীগৰাকীৰ এনেদৰে আকস্মিক মৃত্যু হোৱাত অঞ্চলটোত শোকৰ ছাঁ পৰিছে ।

মৃতদেহ উদ্ধাৰ হোৱাৰ লগে লগে কালী দেৱালয়ত শ শ লোকে ভিৰ কৰা দেখা গৈছে । স্থানীয় লোকসকলে এই ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰি কয় যে তেওঁলোকক এই ঘটনাই মৰ্মাহত কৰি তুলিছে । ইফালে কণ দাসৰ পৰিয়ালৰ লোকসকলো ঘটনাস্থলীত উপস্থিত হৈছে । কান্দোনত ভাগি পৰিছে তেওঁৰ পত্নী আৰু আত্মীয় ।

জানিব পৰা মতে নলবাৰীত তিনিদিনীয়া কাৰ্যসূচীৰে নাট প্ৰদৰ্শনৰ বাবে আহিছিল লুইতপৰীয়া থিয়েটাৰৰ দলটো । মঙলবাৰে অন্তিত দিনৰ নাট প্ৰদৰ্শন আছিল । দিনৰ ভাগত কণ দাসে তেওঁৰ বন্ধুৰ সৈতে কালীসাগৰ পুখুৰীটোত গা ধুবলৈ আহিছিল । পুখুৰীত গা ধুই থকা সময়তে নিখোজ হৈ পৰে কণ দাস ।

লগতে পঢ়ক :গুৱাহাটীৰ যোৰাবাটত এনকাউণ্টাৰ: নিহত দুৰ্ধৰ্ষ ডকাইত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.