ETV Bharat / state

ক'ভিড প্ৰট'কলেৰে ৰাজ্যৰ বিভিন্ন স্থানত আৰম্ভ হ'ল পাঠদান প্ৰক্ৰিয়া - sivsagor

সমগ্ৰ ৰাজ্যতে আজিৰে পৰা আৰম্ভ হ'ল পাঠদান প্ৰক্ৰিয়া ৷ ৰাজ্যৰ তেজপুৰ, শিৱসাগৰ আৰু নলবাৰী জিলাতো আৰম্ভ হয় পাঠদান প্ৰক্ৰিয়া ৷ চৰকাৰী সকলো নিয়ম মানি বিদ্যালয়সমূহত আৰম্ভ হয় পাঠদান প্ৰক্ৰিয়া ৷

The teaching process started in the state with Covid Protocol
ক'ভিড প্ৰট'কলেৰে ৰাজ্যত আৰম্ভ হ'ল পাঠদান প্ৰক্ৰিয়া
author img

By

Published : Sep 21, 2020, 2:10 PM IST

তেজপুৰ,শিৱসাগৰ,নলবাৰী 21ছেপ্টেম্বৰ: সমগ্ৰ ৰাজ্যতে আজিৰে পৰা আৰম্ভ হ'ল বিদ্যালয়ৰ পাঠদান ৷ বিগত 6 টা মাহে বন্ধ হৈ আছিল ৰাজ্যৰ সকলো বিদ্যালয় ৷ আজি ক'ভিড-19ৰ সকলো নিয়ম মানি নৱম, দশম, একাদশ আৰু দাদ্বশ শ্ৰেণীৰ পাঠদান আৰম্ভ হয় ৷

ক'ভিড প্ৰট'কলেৰে ৰাজ্যত আৰম্ভ হ'ল পাঠদান প্ৰক্ৰিয়া

তেজপুৰ চহৰতো অসম চৰকাৰৰ স্বাস্থ্য আৰু শিক্ষা বিভাগৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুসৰি আৰম্ভ হয় পাঠদান ৷ স্বাস্থ্য বিভাগে প্ৰৱৰ্তন কৰা ৰাজ্য চৰকাৰৰ SOP অনুসৰি বিদ্যালয়সমূহৰ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলক প্ৰদান কৰা হ'ব শিক্ষা । পাঠদান আৰম্ভ হোৱাৰ প্ৰথম দিনটোতে তেজপুৰ কলেজিয়েট হাইস্কুলত উপস্থিত হয় মুঠ ১১ গৰাকী ছাত্ৰ-ছাত্ৰী ৷

The teaching process started in the state with Covid Protocol
ক'ভিড প্ৰট'কলেৰে ৰাজ্যত আৰম্ভ হ'ল পাঠদান প্ৰক্ৰিয়া

ইফালে, ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ শিৱসাগৰ জিলাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়তো আৰম্ভ হয় পাঠদান প্ৰক্ৰিয়া ৷ বিদ্যালয়খনত অভিভাৱকৰ পৰা আপত্তিবিহীন পত্ৰ লৈ শ্ৰেণী কোঠাত উপস্থিত হয় একাংশ ছাত্ৰ ৷ বিদ্যালয়দ্বাৰত থাৰ্মেল তাপমান জোখা যন্ত্ৰৰ দ্বাৰা শৰীৰৰ তাপমান জুখি বিদ্যালয়ত প্ৰৱেশৰ ব্যৱস্থা কৰাৰ লগতে হাত ধোৱাৰ যথোচিত ব্যৱস্থা কৰা হয় । কৰ'ণা ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ বিদ্যালয়ৰ কৰ্তৃপক্ষৰ দ্ধাৰা সকলো ব্যৱস্থা কৰা হয় যদিও বিদ্যালয়খনত উপস্থিত হোৱা একাংশ শিক্ষাৰ্থী শংকিত হৈ পৰে ৷ ইফালে, ছাত্ৰাৱাস সমূহ নোখোলাৰ বাবে বিদ্যালয়ত উপস্থিত হ'ব নোৱাৰে একাংশ ছাত্ৰ ৷

অন্য এক খবৰৰ বাবে: ৰিপুন বৰাসহ সংসদৰ 7 সদস্যক এসপ্তাহৰ বাবে সদনৰ পৰা বহিস্কাৰ

প্ৰায় 6 মাহৰ অন্তত নলবাৰী জিলাৰ বিদ্যালয় সমূহতো আৰম্ভ হয় পাঠদান প্ৰক্ৰিয়া ৷ ক'ভিড-19ৰ সকলো নিয়ম মানি জিলাখনৰ আন বিদ্যালয়সমূহৰ সমান্তৰালকৈ জিলাখনৰ চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়টো নৱম আৰু একাদশ শ্ৰেণীৰ পাঠদান আৰম্ভ হয় ৷ বিদ্যালয়খনত ক'ভিড-19ৰ নীতি-নিয়ম সমূহ পালন কৰা হৈছে নে নাই এই সন্দৰ্ভত বিদ্যালয়খন পৰিদৰ্শন কৰে জিলাখনৰ উপায়ুক্ত পূৰবী কোঁৱৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.