ETV Bharat / state

ৰাজ্যজুৰি পালন কাতি বিহু - সমগ্ৰ ৰাজ্যজুৰি পৰম্পৰাগত ৰীতি-নীতিৰে পালন কঙালী বিহু ৷

সমগ্ৰ ৰাজ্যজুৰি পৰম্পৰাগত ৰীতি-নীতিৰে পালন কঙালী বিহু ৷

ৰাজ্যজুৰি পৰম্পৰাগত ৰীতি-নীতিৰে পালন কঙালী বিহু
author img

By

Published : Oct 19, 2019, 5:18 AM IST

নিউজ ডেস্ক,18 অক্টোবৰঃ সমগ্ৰ ৰাজ্যজুৰি চহা ৰাইজে পৰম্পৰাগত ৰীতি-নীতিৰে শুক্ৰবাৰে কঙালী বিহু পালন কৰে ৷ সমগ্ৰ ৰাজ্যৰ লগতে আজি দৰঙ জিলাৰ দলগাঁৱৰ ঢেকেৰীগাঁৱৰ জীয়ৰী বোৱাৰী লগতে আইতাসকলে অসমীয়াৰ বাপতিসাহোন কাতি বিহুটি পালন কৰে ৷ পৰম্পৰাগতভাৱে সাজ-পোছাক পৰিধান কৰি প্ৰতিবছৰৰ দৰে এইবাৰো অঞ্চলটোৰ সকলো ৰাইজে পথাৰত চাকি জ্বলাই নাম কীৰ্তন গাই পথাৰত লখিমীৰ মঙ্গল কামনা কৰে ।

ধেমাজি জিলাতো কাতি বিহুত পথাৰৰ পৰিৱৰ্তে মুকলি আকাশৰ তলত শাৰী শাৰীকৈ জ্বলি উঠিল আকাশ বন্তি ৷ ধেমাজি জিলা কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত দিনোযোৰা কাৰ্য্যসূচীৰে ধেমাজিৰ কাছাৰী ময়দানত প্ৰথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে কাতি বিহু পালন কৰা হয় ৷ দিনৰ ভাগত কণ কণ শিশু সকলৰ মাজত বক্তৃতাৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ পিছত আৰু এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ মাজেৰে সন্ধিয়া তুলসী তলত চাকি বন্তি জ্বলোৱা লগতেই জিলাখনৰ বিশিষ্ট ব্যক্তিৰ দ্বাৰা আকাশ বন্তি জ্বলোৱা হয় ৷ পৰম্পৰা অনুসৰি আকাশ বন্তি জ্বলোৱাৰ লগতে ঔটেঙা বাকলিৰে প্ৰস্তুত কৰা চাকিও জ্বলাই কাতি বিহুৰ পৰম্পৰা সম্পৰ্কত বিশিষ্ট ব্যক্তিসকলে আলোকপাত কৰে ৷

অসমীয়া তিনিটি বিহুৰ অন্যতম কাতি বিহু আজি সমগ্ৰ ৰাজ্যৰ লগতে কাকপথাৰতো পালন কৰা হয় ৷ কাকপথাৰ তিনিআলিৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলে প্ৰত্যেক বছৰৰ দৰে এইবছৰো অসমীয়া সমাজৰ সম্পূৰ্ণ নীতি-নিয়মেৰে বিহুটি পালন কৰে ৷ স্থানীয় মহিলাসকলে সন্ধিয়া পথাৰত সেউজী ধাননিৰ তলত চাকি জ্বলাই পোক-পতঙ্গ আঁতৰ হোৱা কামনা কৰাৰ লগতে ধানৰ শইচৰ উৎপাদন বাবে প্ৰাৰ্থনা কৰে ৷

ৰাজ্যজুৰি পৰম্পৰাগত ৰীতি-নীতিৰে পালন কঙালী বিহু

কলিয়াবৰত কাতি বিহু উপলক্ষে পুৱাৰে পৰা তুলসী ভেটি নিৰ্মাণত ব্যস্ত হৈ পৰে কলিয়বৰৰ বিভিন্ন গাঁৱৰ গাঁওবাসীসকল । বিয়লি পুৰুষ-মহিলা, ডেকা-গাভৰুৱে পৰম্পৰাগত লোকবিশ্বাস অনুসৰি ৰবাব টেঙাৰ জুতি ল'বলৈ ধাননি পথাৰত ভিৰ কৰা পৰিলক্ষিত হয় । কলিয়াবৰৰ ঐতিহ্যমণ্ডিত ভঁৰালী বৰুৱা পুখুৰী আৰু জয়সাগৰ দলনিৰ পাৰত কাষৰীয়া গাঁওবাসীৰ লগতে আন স্থানৰ পৰাও ৰবাব টেঙাৰ জুতি লোৱাৰ উদ্দেশ্য সমবেত হয় বহুজনলোক ৷ ধাননি পথাৰত পোক-পৰুৱা নাশৰ অৰ্থে আকাশ বন্তি প্ৰজ্বলনৰ লগতে তুলসীৰ তলত এশাৰী নাম-কীৰ্তনেৰে অনাগত দিনত এখন ভৰুণ ধাননি পথাৰৰ কামনা কৰি স্থানীয় ব্যক্তিসকল সমবেত হয় ।

আনহাতে গোলাগাটৰ খুমটাইতও পালন কৰা হয় কঙালী বিহু ৷

ইফালে বিগত বানত বেয়াকৈ বিধ্বস্ত হোৱা নলবাৰীৰ নদলা-বৰভাগ-বাহাৰঘাটত পথাৰে পথাৰে কৃষকে কাঢ়িছে হুমুনিয়াহ । জিলাখনৰ নদলা গাওঁৰ ধাননি পথাৰত এটা সময়ত সোণগুটিৰে ভৰি থকা পথাৰবোৰ এতিয়া উদং আৰু চন হৈ পৰি ৰৈছে । অসমীয়া জাতীয় জীৱনৰে সংপৃক্ত কাতি বিহুটি পালন কৰিবলৈ তেওঁলোক এতিয়া উৎসাহী নহয় । কাৰণ এইটো বছৰত দুবাৰকৈ অহা বিধ্বংসী বানে এইসকল কৃষকে পথাৰত সিঁচা শালিধানৰ খেতি সমুলঞ্চে ধ্বংস কৰি পেলাইছিল ৷

আৰু পঢ়ক

Intro:Slug =Dalgaon_ Kati_Bihu_
Byte=Villager

## সমগ্ৰ ৰাজ্যৰ লগতে দলগাঁৱতো
উলহ মালহেৰে পালন কাতি বিহু ।

দলগাও /১৮ অক্টোবৰ

Body:

দলগাও /১৮ অক্টোবৰ

সমগ্ৰ ৰাজ্যৰ লগতে আজি দৰঙৰ দলগাঁৱৰ ঢেকেৰীগাঁৱৰ জীয়ৰী বোৱাৰী লগতে আইতা সকল অসমীয়া বাপুটি সাহোন কাতি বিহুটি উলহ মালহেৰে উদযাপন কৰিছে পথাৰত । পৰম্পৰাগত ভাৱে সাজ পোচাক পৰিধান কৰি প্ৰতি বছৰৰ দৰে এইবাৰো অঞ্চলটোৰ সকলো ৰাইজে পথাৰত চাকি জ্বলাই নাম কীৰ্তন গাই পথাৰত লখিমীৰ মঙ্গল কামনা কৰে ।

Conclusion:আব্দুল হাকিম
দলগাও
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.