ETV Bharat / state

বিদ্যুৎ বিভাগৰ হেমাহিয়ে প্ৰাণ ললে এজনৰ: নলবাৰীত ট্ৰেঞ্চফৰ্মাৰত লাগি মৃত্যু TET শিক্ষকৰ - Teacher death in electrocuted in electric transformer

বিদ্যুৎ বিভাগৰ অকৰ্মন্যতাৰ কথা প্ৰতিদিনে প্ৰকাশ পাই আহিছে সংবাদ মাধ্যমত । কেতিয়াবা যদি বাঁহৰ খুঁটাৰে বিদ্যুৎ পৰিবাহী তাঁৰ,আন কেতিয়াবা আকৌ অসুৰক্ষিতভাৱে ট্ৰেঞ্চফৰ্মাৰ স্থাপন । এইবাৰ বিদ্যুৎ বিভাগৰ হেমাহিৰ ফলতে প্ৰাণ হেৰুৱালে এগৰাকী TET শিক্ষকে(Teacher death in electrocuted in electric transformer) ।

tet teacher death by electrocuted in nalbar
বিদ্যুৎ বিভাগৰ হেমাহিয়ে প্ৰাণ ললে এজন: নলবাৰীত বৈদ্যুতিক ট্ৰেঞ্চফৰ্মাৰত লাগি মৃত্যু TET শিক্ষকৰ
author img

By

Published : Jun 23, 2022, 12:22 PM IST

নলবাৰী,২৩ জুন: নলবাৰীৰ মুকালমুৱাত সংঘটিত এক কৰুণ ঘটনা । প্ৰাতঃভ্ৰমণলৈ আহি উন্মুক্ত বৈদ্যুতিক ট্ৰেঞ্চফৰ্মাৰৰ তলত থকা পানী স্পৰ্শ কৰি কৰুণ মৃত্যুক সাবতিলে এগৰাকী TET শিক্ষকে(Teacher death in electrocuted in electric transformer) । শিক্ষকগৰাকীৰ মৃত্যুত অঞ্চলজুৰি বৈছে শোকৰ বন্যা ।

বিদ্যুৎ বিভাগৰ হেমাহিয়ে প্ৰাণ ললে এজন: নলবাৰীত বৈদ্যুতিক ট্ৰেঞ্চফৰ্মাৰত লাগি মৃত্যু TET শিক্ষকৰ

মুকালমুৱাৰ ঘোৰাথালত সংঘটিত হৈছে এই শোকাৱহ ঘটনাটো । বৰপেটা জিলাৰ মন্দিয়া শিক্ষাখণ্ডৰ অন্তৰ্গত গুৰলা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক ভৱেশ দাস নামৰ লোকজনে আনদিনাৰ দৰেই বৃহস্পতিবাৰেও প্ৰাতঃভ্ৰমণলৈ ওলাই আহে । কিন্তু হঠাৎ মুগদি-ৰামপুৰ পথৰ ঘোঁৰাথালৰ এটি উন্মুক্ত বৈদ্যুতিক ট্ৰেঞ্চফৰ্মাৰৰ তলত থকা পানীৰ স্পৰ্শলৈ অহাত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় লোকজনৰ ।

অত্যন্ত অমায়িক স্বভাৱৰ শিক্ষক ভৱেশ দাসৰ কৰুণ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে ঘোঁৰাথাল গাঁৱৰ ৰাইজ । শিক্ষকগৰাকীৰ মৃত্যুৰ বাবে বিদ্যুৎ বিভাগক জগৰীয়া কৰে স্থানীয় ৰাইজে । উল্লেখ্য যে ইয়াৰ পূৰ্বেও উন্মুক্ত বৈদ্যুতিক ট্ৰেঞ্চফৰ্মাৰটোৱে ভাবুকি কঢ়িয়াই আনিছিল গাঁওখনৰ ৰাইজৰ পশুধনলৈ ।

ইফালে ভৱেশ দাসৰ মৃত্যুত কান্দোনৰ ৰোল উঠিছে পৰিয়ালটোৰ মাজত । এটি এবছৰীয়া কন্যা সন্তানৰ পিতৃ ভৱেশ দাসৰ মৃত্যুত কান্দোনত ভাগি পৰিছে পত্নীসহ পৰিয়ালৰ লোক । শীঘ্ৰে ট্ৰেঞ্চফৰ্মাৰটোৰ বিসংগতি দুৰ কৰি অঞ্চলটোৰ ৰাইজৰ জীৱনৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আহ্বান জনাই স্থানীয় ৰাইজে ।

লগতে পঢ়ক: Assam Floods: মিছামাৰীৰ বঙালগাঁৱত গাভৰু নৈৰ ব্যাপক খহনীয়া

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.