ETV Bharat / state

বিদ্যালয় বন্ধঃ ঘৰে-ঘৰে গৈ পাঠদান কৰিলে শিক্ষিত যুৱকে

author img

By

Published : Apr 30, 2020, 2:11 PM IST

নলবাৰীত শিক্ষক আৰু শিক্ষিত যুৱকৰ প্ৰশংসনীয় পদক্ষেপ ৷ চৰকাৰী সকলো নীতি-নিৰ্দেশনা পালন কৰি দুখীয়া ছাত্ৰ-ছাত্ৰীৰ ঘৰে-ঘৰে গৈ আগবঢ়ালে শিক্ষা ৷ হেণ্ড-চেনিটাইজাৰ ব্যৱহাৰ কৰাই ছাত্ৰ-ছাত্ৰীৰ মাজত বিশেষ সজাগতা ৷

Teacher teaching children in nalbari
সামাজিক দুৰত্ব বজাই মুকলি আকাশৰ তলত ছাত্ৰ-ছাত্ৰীক পাঠদান

নলবাৰী, 30 এপ্ৰিল : লক-ডাউনৰ বাবে বন্ধ হৈ পৰিছে দেশৰ সকলো শিক্ষানুষ্ঠান ৷ শিক্ষানুষ্ঠান সমূহৰ ফালৰ পৰা অনলাইন ব্যৱস্থাৰে শিক্ষাৰ্থী সকলক বিভিন্ন বিষয়ত শিক্ষা প্ৰদান কৰি আহিছে যদিও গ্ৰাম্যঞ্চলৰ এনড্ৰইড ম'বাইল নথকা পৰিয়াল সমূহৰ ছাত্ৰ-ছাত্ৰীয়ে ঢুকি পোৱা নাই এই শিক্ষা ব্যৱস্থা ৷ কিন্তু সেই সকল ছাত্ৰ-ছাত্ৰীক সামাজিক দূৰত্ব বৰ্তাই মুকলি আকাশৰ তলত শিক্ষা প্ৰদান কৰিলে নলবাৰী জিলাৰ উদয়পুৰৰ কেইগৰাকীমান শিক্ষক আৰু শিক্ষিত যুৱকে ৷

শিক্ষিত যুৱক

জিলাখনৰ বহুবোৰ অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ ঘৰে-ঘৰে গৈ মুকলি পৰিৱেশত সামাজিক দূৰত্ব বৰ্তাই বিভিন্ন বিষয়ৰ ওপৰত আগবঢ়ালে পাঠদান ৷ শিক্ষক কমলা কান্ত শীল, নগেন বৰ্মন আৰু শিক্ষিত যুৱক ভৱজিৎ বেজবৰুৱাই প্ৰশাসনৰ অনুমতি মৰ্মে সকলো ধৰণৰ চৰকাৰী নীতি-নিৰ্দেশনা পালন কৰি দুখীয়া ছাত্ৰ-ছাত্ৰী সকলক আগবঢ়াই আহিছে পাঠদান ৷ তেঁওলোকৰ এই প্ৰশংসনীয় পদক্ষেপক শলাগিছে অঞ্চলবাসীয়ে ৷

লগতে পঢ়ক : "সমালোচনাৰ সন্মুখীন হোৱাতকৈ মৃত্যুয়েই শ্ৰেয় !"

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.