নলবাৰী, 27 জানুৱাৰী: 'কা'(নাগৰিকত্ব সংশোধনী আইন) আন্দোলনে ৰাজ্যৰ যুৱ প্ৰজন্মক ধ্বংস কৰা বুলি দাবী কৰি বুধবাৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৰাজ্যৰ 'কা' আন্দোলনকাৰী সকলক তীব্ৰ ভাষাৰে কটাক্ষ কৰে ৷ 'কা' আন্দোলনে উন্নয়নতো হেঙাৰৰ সৃষ্টি কৰিছে বুলি মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে ৷ নলবাৰীত অসম চৰকাৰৰ অভিলাসী স্বয়ম আঁচনিৰ শুভ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মন্ত্ৰী গৰাকীয়ে উক্ত মন্তব্য কৰে ৷
স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনাৰ অধীনত নৱৰূপত স্বয়মৰ এই আনুষ্ঠানিক শুভাৰম্ভ অনুষ্ঠানত জ্যেষ্ঠ মন্ত্ৰী গৰাকীৰ লগতে অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱা, বিধায়ক অশোক শৰ্মা, জিলা উপায়ুক্ত পূৰৱী কোঁৱৰেও অংশ লয় ৷
উল্লেখ্য যে ৰাজ্য চৰকাৰৰ এই অভিলাষী আঁচনিখনৰ জৰিয়তে জিলাখনৰ 7,277 গৰাকী যুৱক তথা 977 টাকৈ গোটক সামৰি লোৱা হৈছে ৷
লগতে পঢ়ক:হঠাৎ শক্তিশালী অগপ : ‘বিগ ব্ৰাডাৰ’ বিজেপিলৈ কিহৰ ইংগিত?