নলবাৰী, 29 জুন: নলবাৰীত থানাৰ ভিতৰত কিশোৰী নিৰ্যাতন ঘটনাৰ মূল অভিযুক্ত আৰক্ষী বিষয়া বিমান ৰয়ক নিলম্বন ৷ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে টুইটযোগে সদৰী কৰিছে এই কথা ৷ অৱশ্যে পলাতক অৱস্থাত আছে বিমান ৰয় ৷ বিমান ৰয়ৰ সন্ধান দিওঁতালৈ উপযুক্ত পুৰষ্কাৰ ঘোষণা আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ ৷ তেওঁৰ তথ্য লাভ কৰিলে নলবাৰীৰ আৰক্ষী অধীক্ষকক অৱগত কৰিবলৈ আহ্বান জিপি সিঙৰ ৷ উল্লেখ্য যে ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিমান ৰয়ৰ বিৰুদ্ধে POCSO আইনৰ 12/14(1) ধাৰাত ৰুজু কৰা হৈছে গোচৰ ৷
-
Reference taking of objectionable photo of a young girl at Ghograpar PS - Inspector (now under suspension) Biman Roy , former OC Ghograpar PS of Nalbari DEF is prime suspect in Nalbari PS Case No. 287/23 U/S- 354(B)/509 IPC
— GP Singh (@gpsinghips) June 29, 2023 " class="align-text-top noRightClick twitterSection" data="
R/W Sec. 12/14(1) of POCSO Act. He is absconding. Anyone… pic.twitter.com/zRmWrNCT7V
">Reference taking of objectionable photo of a young girl at Ghograpar PS - Inspector (now under suspension) Biman Roy , former OC Ghograpar PS of Nalbari DEF is prime suspect in Nalbari PS Case No. 287/23 U/S- 354(B)/509 IPC
— GP Singh (@gpsinghips) June 29, 2023
R/W Sec. 12/14(1) of POCSO Act. He is absconding. Anyone… pic.twitter.com/zRmWrNCT7VReference taking of objectionable photo of a young girl at Ghograpar PS - Inspector (now under suspension) Biman Roy , former OC Ghograpar PS of Nalbari DEF is prime suspect in Nalbari PS Case No. 287/23 U/S- 354(B)/509 IPC
— GP Singh (@gpsinghips) June 29, 2023
R/W Sec. 12/14(1) of POCSO Act. He is absconding. Anyone… pic.twitter.com/zRmWrNCT7V
থানাৰ ভিতৰতে এগৰাকী কিশোৰীক উলংগ কৰি ফটো তোলাৰ অভিযোগ আৰক্ষী বিষয়া বিমান ৰয়ৰ বিৰুদ্ধে ৷ জানিব পৰা মতে 21 জুনত কিশোৰীগৰাকীয়ে এজন লোকৰ সৈতে পলাই গৈছিল । সেই খবৰ একাংশ লোকে নলবাৰী আৰক্ষীক জনাইছিল । খবৰ লাভ কৰাৰ পাচতেই আৰক্ষীয়ে অভিযান চলাই দুয়োকে আটক কৰিবলৈ সক্ষম হয় আৰু দুয়োকে ৰখা হয় থানাত ৷
অভিযোগ অনুসৰি মাজনিশা থানাৰ ভিতৰতে কিশোৰীগৰাকীক কাপোৰ খুলিবলৈ বাধ্য কৰিছিল আৰক্ষী বিষয়া বিমান ৰয়ে । কিন্তু কিশোৰীগৰাকীয়ে কাপোৰ খুলিবলৈ অমান্তি হোৱাত লাঠিৰে তেওঁ আক্ৰমণৰো ভাবুকি প্ৰদান কৰিছিল ৷ যাৰ বাবে কিশোৰীগৰাকীয়ে কাপোৰ খুলিবলৈ বাধ্য হৈছিল ৷ আৰু উলংগ অৱস্থাত কিশোৰীগৰাকীৰ ফটো তুলিছিল আৰক্ষী বিষয়াজনে ৷
ইয়াৰ পাচতেই ভুক্তভোগী কিশোৰীগৰাকীয়ে সমগ্ৰ ঘটনা ঘগ্ৰাপাৰ আৰক্ষীক অৱগত কৰিছিল যদিও কোনো সুফল লাভ নকৰাত অভিযোগ দিয়ে শিশু কল্যাণ সমিতিক ৷ অভিযোগ অনুসৰি শিশু কল্যাণ সমিতিয়েও কিশোৰীগৰাকীক সহযোগ নকৰে। অৱশেষত ভুক্তভোগী কিশোৰীগৰাকীয়ে নলবাৰী সদৰ আৰক্ষী থানাত ঘগ্ৰাপাৰ আৰক্ষী থানাৰ উপ-পৰিদৰ্শকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে । লগতে নলবাৰী জিলা আৰক্ষী অধীক্ষককো ঘটনা সম্পৰ্কে অৱগত কৰে । সম্প্ৰতি পলাতক আৰক্ষী বিষয়া বিমান ৰয়ৰ সন্ধানত আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ৷
লগতে পঢ়ক: Ghograpar Police station incident : উপ পৰিদৰ্শকে কলংকিত কৰিলে ঘগ্ৰাপাৰ থানাক !