ETV Bharat / state

Suicide case in Nalbari : নলবাৰীত চীপ লোৱা অৱস্থাত উদ্ধাৰ স্বামী-স্ত্ৰীৰ মৃতদেহ

author img

By

Published : Apr 21, 2022, 1:08 PM IST

নলবাৰীৰ পশ্চিম চামতাৰ মালোপাৰাত চাঞ্চল্যকৰ ঘটনা ৷ গা ধোৱা ঘৰত উদ্ধাৰ হৈছে স্বামী-স্ত্ৰীৰ (Suicide case in Nalbari) মৃতদেহ ৷ এবছৰ পূৰ্বে আৱদ্ধ হৈছিল বিবাহপাশত ৷ ঘটনা সন্দৰ্ভত চাঞ্চল্য সৃষ্টি সমগ্ৰ এলেকাত ৷

Suicide case in Nalbari
এটা দম্পত্তিয়ে গা ধোৱা ঘৰত একেলগে কৰে আত্মহত্যা

নলবাৰী, 21 এপ্ৰিল : বুধবাৰে সন্ধিয়া নলবাৰীৰ চামতাত সংঘটিত হয় এক শোকাৱহ ঘটনা । বেলশৰ থানাৰ অন্তৰ্গত চামতাৰ মালোপাৰাত এটা দম্পতীৰ মৃতদেহ উদ্ধাৰ হৈছে গা ধোৱা ঘৰত ৷ চীপ লোৱা অৱস্থাত উদ্ধাৰ হোৱা স্বামী-স্ত্ৰীৰ মৃতদেহে ৰহস্যৰ সৃষ্টি কৰিছে ৷ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য (Suicide case in Nalbari) ৷ মৃত স্বামী-স্ত্ৰীৰ নাম ক্ৰমে মৃদুল ঠাকুৰীয়া আৰু ৰূপালী ঠাকুৰীয়া ৷

suspected-suicide-of-a-couple-in-nalbari
নিহত মৃদুল ঠাকুৰীয়া

জানিব পৰা মতে, প্ৰায় এবছৰ পূৰ্বে চামতাৰ মালোপাৰাৰ মৃদুল ঠাকুৰীয়াৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল আজাৰা নিবাসী ৰূপালী ঠাকুৰীয়া(28) ই ৷ মৃদুল ঠাকুৰীয়া পেচাগতভাৱে আছিল এজন দৰ্জী ৷

নিহত ৰূপালী ঠাকুৰীয়া

সাধাৰণ দৰ্জীৰ কাম কৰিয়েই মাক-দেউতাক আৰু একমাত্ৰ ভাতৃৰ সৈতে পাঁচজনীয়া পৰিয়ালটো কোনোমতে চলাই আহিছিল মৃদুলে ৷ কিন্তু বুধবাৰে সংঘটিত হোৱা আকস্মিক এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশ ৷ অৱশ্যে কিহৰ বাবে স্বামী-স্ত্ৰীয়ে এই পন্থা বাচি ল’বলৈ বাধ্য হ’ল, সেই সন্দৰ্ভত পৰিয়ালৰ লোকে লাভ কৰা নাই কোনো তথ্য ৷

নলবাৰীত একেলগে আত্মহত্যা স্বামী স্ত্ৰীৰ

পৰৱৰ্তী সময়ত ঘটনা সন্দৰ্ভত খবৰ দিয়া হয় আৰক্ষীক ৷ দণ্ডাধীশ বেদান্ত বৰুৱাৰ সৈতে ঘটনাস্থলীত উপস্থিত হয় চামতা পহৰা চকীৰ আৰক্ষীৰ এটা দল ৷ আৰক্ষীয়ে মৃতদেহ দুটা উদ্ধাৰ কৰি নিশাৰ ভাগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক : বঙাইগাঁৱত যুৱতীৰ ৰহস্যজনক আত্মহত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.