ETV Bharat / state

সদ্যঘোষিত উচ্চতৰ মাধ্যমিকৰ ফলাফলত অন্ধ শিক্ষাৰ্থীৰ সাফল্য

সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত বৰক্ষেত্ৰীৰ এগৰাকী অন্ধ শিক্ষাৰ্থীৰ সফলতা ৷ দুয়োটা চকুৰে নেদেখা লালবৰে লাভ কৰিলে প্ৰথম বিভাগ ৷

author img

By

Published : Jun 26, 2020, 7:55 AM IST

সদ্যঘোষিত উচ্চতৰ মাধ্যমিকৰ ফলাফলত অন্ধ শিক্ষাৰ্থীৰ সাফল্য
লালবৰ আলী

নলবাৰী, 26 জুন : শাৰীৰিক বাধাগ্ৰস্ততা অথবা দুৰাৱস্থাই শিক্ষাত হেঙাৰ আনিব নোৱাৰে বুলি প্ৰমাণ কৰি দিলে লালবৰ আলী নামৰ এজন অন্ধ ছাত্ৰই ৷ নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ মুকালমুৱা থানাৰ অন্তৰ্গত দুৰ্গম অঞ্চল বেলবেলিৰ দিন হাজিৰা কৰা অমৰ আলীৰ পুত্ৰ লালবৰ আলী ৷ সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে লালবৰ আলীয়ে ৷

সদ্যঘোষিত উচ্চতৰ মাধ্যমিকৰ ফলাফলত অন্ধ শিক্ষাৰ্থীৰ সাফল্য

আৰ্থিক দৈন্যতা তথা শাৰীৰিক বাধাগ্ৰস্ততাক নেওচি কলা শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে অন্ধ ছাত্ৰজনে ৷ পেৰাধৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈ সুখ্যাতি অৰ্জন কৰি সমগ্ৰ অঞ্চলতে চৰ্চা লাভ কৰে ছাত্ৰ গৰাকীয়ে ৷ লালবৰ আলীয়ে এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 500 নম্বৰৰ ভিতৰত 301 নম্বৰ পাবলৈ সক্ষম হৈছে৷ তেওঁ ইংৰাজীত 50,ইতিহাসত 66, অসমীয়াত 67, ঐচ্চিক অসমীয়াত 61, স্বদেশ অধ্যয়নত 57 আৰু শিক্ষাত 55 নম্বৰ লাভ কৰিছে ৷

উল্লেখযোগ্য যে, দুয়োটা চকুৰে নেদেখা ছাত্ৰজনে এজন দশমমান শ্ৰেণীৰ ছাত্ৰৰ সহায় লৈ পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৷ অন্ধ ছাত্ৰজনক ভৱিষ্যতে উচ্চ শিক্ষা লোৱাৰ ক্ষেত্ৰত চৰকাৰলৈ সহায়ৰ আহ্বান জনাইছে পৰিয়ালৰ লোকে ৷ ইফালে ছাত্ৰজনে সাংবাদিকৰ আগত মন্তব্য কৰে যে, অন্ধ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে বিদ্যালয় সমূহত পৰীক্ষাৰ বাবে বিশেষ সুবিধা প্ৰদান কৰিব লাগে ৷ তেওঁ লোকৰ বাবে বিশেষ অডিঅ' পদ্ধতিৰে শ্ৰেণী কোঠা আৰু পৰীক্ষা কেন্দ্ৰত অধ্যয়নৰ ব্যৱস্থা কৰিব লাগে বুলিও সদৰী কৰে লালবৰ আলীয়ে ৷ ছাত্ৰজনে এই সুবিধাবোৰ লাভ কৰিব পাৰিলে ভৱিষ্যতে আৰু ভাল ফল দেখুৱাব পাৰিব বুলি মন্তব্য কৰে ৷ দৰিদ্ৰ ছাত্ৰজনৰ পৰৱৰ্তী শিক্ষাৰ বাবে পৰিয়ালে চৰকাৰ তথা সুহৃদয়বান ৰাইজৰ পৰা আৰ্থিক সাহাৰ্য বিচাৰিছে ৷

লগতে পঢ়ক : অনশনত বহিল অখিল গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.