ETV Bharat / state

অন্ধ বিশ্বাসৰ বিৰুদ্ধে চামতা কামৰূপ মহাবিদ্যালয়ৰ বাটৰ নাট প্ৰদৰ্শন - Street play by Samota Kamrup college student

মূলঃত অন্ধ বিশ্বাসৰ বলি হৈ ডাইনীৰ সন্দেহত হত্যা, বোৱাৰী নিৰ্যাতন আদি বন্ধ কৰাৰ লগত নিচাযুক্ত দ্ৰব্য সেৱনৰ ভয়াবহতাৰ বিষয়ে ৰাইজক সজাগ কৰিবলৈ চেষ্টা কৰে মহাবিদ্যালয়খনৰ শিক্ষক তথা ছাত্ৰ-ছাত্ৰীসকলে ৷

street-play-by-samota-kamrup-college-student-at-nalbari
অন্ধ বিশ্বাসৰ বিৰুদ্ধে চামতা কামৰূপ মহাবিদ্যালয়ৰ বাটৰ নাট প্ৰদৰ্শন
author img

By

Published : Jan 8, 2021, 9:51 PM IST

নলবাৰী,8 জানুৱাৰী: অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ বাবে সংঘটিত হোৱা অমানবীয় কাৰ্যকলাপ বন্ধ কৰাৰ উদ্দেশ্যে নলবাৰীৰ চামতাৰ কামৰূপ মহাবিদ্যালয় শিক্ষক গোটৰ বিশেষ পদক্ষেপ ৷ অসম বিজ্ঞান প্ৰযুক্তি বিদ্যা আৰু পৰিবেশৰ সহযোগত চামতাৰ বিভিন্ন পিছ পৰা অঞ্চলত বাটৰ নাট প্ৰদৰ্শন কৰি ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ চেষ্টা অব্যাহত ৰাখিছে কামৰূপ মহাবিদ্যালয় শিক্ষক গোটে ৷ কু-সংস্কাৰ আৰু অন্ধ বিশ্বাসৰ বিৰুদ্ধে মহাবিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰীসকলে ঠায়ে ঠায়ে প্ৰদৰ্শন কৰিছে বাটৰ নাট ৷ ইয়াৰ অংশ হিচাপে শুকুৰবাৰে চামতাৰ কৈৱৰ্ত্ত চুবুৰীত বাটৰ নাট প্ৰদৰ্শন কৰে মহাবিদ্যালয়খনে ৷ মূলঃত অন্ধ বিশ্বাসৰ বলি হৈ ডাইনীৰ সন্দেহত হত্যা, ভূত-প্ৰেতৰ বিশ্বাস, বোৱাৰী নিৰ্যাতন আদি বন্ধ কৰাৰ লগতে মদ-গাঞ্জা, ড্ৰাগছকে ধৰি নিচাযুক্ত দ্ৰব্য সেৱনৰ ভয়াবহতাৰ বিষয়ে ৰাইজক সজাগ কৰিবলৈ চেষ্টা কৰে মহাবিদ্যালয়খনৰ শিক্ষক তথা ছাত্ৰ-ছাত্ৰীসকলে ৷

street-play-by-samota-kamrup-college-student-at-nalbari
অন্ধ বিশ্বাসৰ বিৰুদ্ধে চামতা কামৰূপ মহাবিদ্যালয়ৰ বাটৰ নাট প্ৰদৰ্শন

উল্লেখ্য যে, শুকুৰবাৰৰ পৰা চামতাৰ বিভিন্ন অঞ্চলত বাটৰ নাট প্ৰদৰ্শন কৰিব কামৰূপ মহাবিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰীসকলে ৷ চামতা কামৰূপ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰা বাটৰ নাট অনুষ্ঠানত উপস্থিত থাকে কামৰূপ মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা ক্ৰমে ড: কবিতা চৌধুৰী, ড: ৰিতামনি দাস, ডঃ বৈজয়ন্তী ভট্টাচাৰ্য, ডঃ জুমি কলিতা, ডঃ ভবেন কাকতি, ডঃ সুবোধ কুমাৰ মিশ্ৰ ভাগৱতী, ডঃ চহিকী তালুকদাৰ, তিলক শৰ্মা, মঃ মহিৰূল ইছলামৰ লগতে স্থানীয় ৰাইজ ৷ কুলদ্বীপ তালুকদাৰৰ ৰচনা, প্ৰজ্ঞা তালুকদাৰে নাট্যৰূপ দিয়া আৰু ডঃ বিশ্বজিৎ দাসে পৰিচালনা কৰা বাটৰ নাটখন উদ্বোধন কৰে চামতা কামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেবেন্দ্ৰ কুমাৰ বেজবৰুৱাই ৷

লগতে পঢ়কঃ বাৰ্ড ফ্লুঃ অসম ৰাজ্যিক চিৰিয়াখানাত নিষিদ্ধ কৰা হ‘ল মুৰ্গীৰ মাংস

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.