নলবাৰী, ৩ এপ্ৰিল : পবিত্ৰ ৰমজান মাহৰ পহিলা দিনটোতে মুকালমুৱাত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা ৷ মুকালমুৱাৰ লোহাৰকাঠাত ইছমাইল হুছেইন নামৰ এজন যুৱকে চুৰিৰে আঘাত কৰে 23 বছৰীয়া কাইমুদ্দিন আহমেদ নামৰ এজনক (Stabbing Incident at Nalbari) ৷ এই অভিযোগ তৰিছে কাইমুদ্দিন আহমেদৰ পৰিয়ালৰ লোকে ৷
তথ্য অনুসৰি, অভিযুক্ত ইছমাইল হুছেইনৰ চুৰিৰ আঘাতত ধৰাশায়ী হয় কাইমুদ্দিন আহমেদ ৷ ভুক্তভোগী কাইমুদ্দিন আহমেদৰ বুকু, পিঠিকে ধৰি শৰীৰৰ কেইবাটাও ঠাইতো চুৰিৰ আঘাতৰ চিন স্পষ্ট হৈ আছে ৷ জানিব পৰা মতে, চুৰিৰে আঘাত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে অভিযুক্ত কাইমুদ্দিন আহমেদে ৷
চুৰিৰ আক্ৰমণত ধৰাশায়ী হোৱা যুৱকজনক স্থানীয় তথা পৰিয়ালৰ লোকে আদাবাৰী মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ ৷ ইফালে ঘটনা সন্দৰ্ভত খবৰ দিয়া হয় আৰক্ষীক ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হয় মুকালমুৱা আৰু আদাবাৰী আৰক্ষীৰ এটা দল আৰু আৰম্ভ কৰে সমগ্ৰ ঘটনাৰ তদন্ত ৷
জানিব পৰা মতে, সম্প্ৰতি পলাতক অৱস্থাত আছে অভিযুক্ত ইছমাইল হুছেইন ৷ অভিযুক্ত ইছমাইল হুছেইন বিচাৰি আৰক্ষীয়ে চলাই আছে অভিযান ৷ কিন্তু কিয় ইছমাইল হুছেইনে কি কাৰণে চুৰিৰে কাইমুদ্দিন আহমেদক আঘাত কৰিলে সেই সম্পৰ্কত বৰ্তমানো পোহৰলৈ অহা নাই কোনো তথ্য ৷
লগতে পঢ়ক : ISIS sympathiser arrested : হায়দৰাবাদত সন্ত্ৰাসবাদৰ সমৰ্থকক গ্ৰেপ্তাৰ