নলবাৰী, 20 মাৰ্চ: শুকুৰবাৰে বৰক্ষেত্ৰীত মনোনয়ন দাখিল কৰে বিজেপিৰ টিকট বঞ্চিত প্ৰাৰ্থী শান্তনু কলিতা আৰু ধৰ্মপুৰত বিজেপিৰ টিকট বঞ্চিত প্ৰাৰ্থী জ্যোতিৰ্ময় শৰ্মাই ৷ কংগ্ৰেছ মুক্ত কৰিবলে গৈ কংগ্ৰেছ সংস্কৃতি যুক্ত হল বিজেপি ৷ মনোনয়ন দাখিলৰ পিছতেই সাংবাদিকৰ আগত এই মন্তব্য কৰে শান্তনু কলিতাই ৷ উল্লেখ্য যে, বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী আছিল শান্তনু কলিতা । কিন্তু বিজেপিৰ পৰা টিকট বঞ্চিত হৈ জেডিইউ দলৰ হৈ মনোনয়ন দাখিল কৰে কলিতাই ৷
সমান্তৰালকৈ বিজেপি দলৰ পৰা প্ৰাৰ্থীত্ব বঞ্চিত হোৱা ধৰ্মপুৰৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী জ্যোতিৰ্ময় শৰ্মায়ো নিৰ্দলীয় হিচাপে মনোনয়ন দাখিল কৰে ৷ ইপিনে বৰক্ষেত্ৰী সমষ্টিৰ পৰা অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে অসম বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ পুলকেশ বৰুৱাই ।
লগতে পঢ়ক-প্ৰতিশ্ৰুতি পূৰ্ণ কৰিব নোৱাৰি হতাশগ্ৰস্ত মোদী:APCCৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ