নলবাৰী, 5 জুন : ৰাজ্যজুৰি অব্যাহত থকা ক'ভিডৰ ভয়াৱহতাৰ মাজতে নলবাৰী জিলাৰ ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত 1 নং সাগৰকুছি গাঁৱত সংঘটিত হৈছে এক শোকাৱহ ঘটনা ৷ সোমবাৰে গাঁওখনৰ এগৰাকী 14 বছৰীয়া ছাত্ৰীয়ে শনিৰাম বৈশ্য নামৰ জেঠাইয়েকৰ গৃহত চিপ লৈ আত্মহত্যা কৰা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানিব পৰা মতে, পিতৃহাৰা অংকিতা বৈশ্য বিগত কিছুদিন ধৰি জেঠাইয়েক শনিৰাম বৈশ্য ঘৰত আছিল ৷ অষ্টম মান শ্ৰেণীত অধ্যয়নৰত ছাত্ৰী গৰাকীয়ে কিয় এনে পথ বাচি ল’লে সেইয়া এতিয়াও ৰহস্যৰ আৱৰ্তত ৷
উল্লেখ্য যে, সোমবাৰে পুৱাৰ ভাগত এই ঘটনা সংঘটিত কৰে ছাত্ৰী গৰাকীয়ে ৷ পিছত ঘটনাস্থলীত ঘগ্ৰাপাৰ থানাৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ মৰণোত্তৰ পৰীক্ষাৰ ফলাফলৰ পাছতহে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত কাৰণ ৷
লগতে পঢ়কঃ বঢ়মপুৰত হস্তী-মানৱৰ সংঘাত ৰোধৰ ব্যতিক্ৰমী প্ৰচেষ্টা