গুৱাহাটী, 19 জুলাই : অৱশেষত মৃত্যুৰে হাৰ মানিলে বিশিষ্ট জ্যেষ্ঠ আইপিএছ বিষয়া অনুৰাগ টাংখাই ৷ বিষয়া গাৰকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ লগতে বিষয়াগৰাকীৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ শেহতীয়াকৈ আৰক্ষী গৱেষণা আৰু উন্নয়ন ব্যুৰোৰ মহা পৰিদৰ্শক হিচাপে নিয়োজিত হৈ আছিল বিষয়াগৰাকী ৷
উল্লেখ্য যে, সোমবাৰে পুৱা দিল্লীৰ এখন চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে বিষয়া গৰাকীয়ে ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 51 বছৰ ৷ 1995 বেটচৰ IPS বিষয়া অনুৰাগ টাংখা আৰক্ষীৰ মহাপৰিদৰ্শক ৰূপে অসমত কাৰ্যনিৰ্বাহ কৰাৰ পিছত ডেপুটেচনত দিল্লীলৈ গৈছিল ৷
-
I’m deeply saddened by the demise of distinguished senior IPS officer Anurag Tankha (Assam cadre) after a prolonged battle with cancer. He was on deputation to Bureau of Police Research and Development as IG.
— Himanta Biswa Sarma (@himantabiswa) July 19, 2021 " class="align-text-top noRightClick twitterSection" data="
My prayers for his moksha and condolences to his family members. pic.twitter.com/8EmBcNLcO2
">I’m deeply saddened by the demise of distinguished senior IPS officer Anurag Tankha (Assam cadre) after a prolonged battle with cancer. He was on deputation to Bureau of Police Research and Development as IG.
— Himanta Biswa Sarma (@himantabiswa) July 19, 2021
My prayers for his moksha and condolences to his family members. pic.twitter.com/8EmBcNLcO2I’m deeply saddened by the demise of distinguished senior IPS officer Anurag Tankha (Assam cadre) after a prolonged battle with cancer. He was on deputation to Bureau of Police Research and Development as IG.
— Himanta Biswa Sarma (@himantabiswa) July 19, 2021
My prayers for his moksha and condolences to his family members. pic.twitter.com/8EmBcNLcO2
উল্লেখ্য যে, অসম-মেঘালয় কেডাৰৰ আই পি এচ অনুৰাগ টাংখাই নিৰীক্ষণ আৰু দুৰ্নীতি নিবাৰণ শাখাৰ IGP ৰূপে অন্তিম সেৱা আগবঢ়াইছিল ৷ তাৰ পিছত তেওঁ আৰক্ষী গৱেষণা আৰু বিকাশ ব্যুৰোৰ মহাপৰিদৰ্শক হিচাপে ডেপুটেচনলৈ দিল্লীলৈ যায় ৷ 1970 চনত জন্ম লাভ কৰা অনুৰাগ টাংখা দিল্লীস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান(IIT) ৰ ছাত্ৰ আছিল ৷
লগতে পঢ়কঃ পেগাচাছ কাহিনীৰ সৈতে চৰকাৰৰ সংযোগৰ তিলমানো প্ৰমাণ নাই: বিজেপি