ETV Bharat / state

নলবাৰীত শিশু বিজ্ঞান সমাৰোহ - Science_Program

নলবাৰী চহৰৰ মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ত সোমবাৰৰ পৰা ২৮ সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ ৰাজ্যিক পৰ্যায়ৰ সমাৰোহ আৰম্ভ হৈছে । অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ অন্তৰ্গত অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবেশ পৰিষদৰ উদ্যোগত অনুষ্ঠিত হৈছে উক্ত ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ ৷

Science_Program
নলবাৰীত শিশু বিজ্ঞান সমাৰোহ
author img

By

Published : Jan 19, 2021, 10:54 PM IST

নলবাৰী, 19 জানুৱাৰী : নলবাৰী চহৰৰ মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ত সোমবাৰৰ পৰা ২৮ সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ ৰাজ্যিক পৰ্যায়ৰ সমাৰোহ আৰম্ভ হৈছে । অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ অন্তৰ্গত অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবেশ পৰিষদৰ উদ্যোগত অনুষ্ঠিত ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহৰ মঙলবাৰৰ উদ্বোধনী অনুষ্ঠানত উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী মুখ্য অতিথি হিচাপে উপস্থিত থাকে ।

সভাত ভাষণ দি পাটোৱাৰীয়ে কয় যে, " শিশু বিজ্ঞানী সকল দেশৰ এক বৌদ্ধিক সমল।এনে অনুষ্ঠানে শিশু বিজ্ঞানী সকলৰ মাজত বৈজ্ঞানিক মানসিকতাৰ সৃষ্টি কৰাৰ লগতে আগ্ৰহ বৃদ্ধি কৰিব । "

নলবাৰীত শিশু বিজ্ঞান সমাৰোহ

ভাষণ প্ৰসংগত পাটোৱাৰীয়ে কয় যে, এই সকল শিশু বিজ্ঞানীৰ মাজৰ পৰাই বিখ্যাত বিজ্ঞানী ওলোৱাৰ পথ প্ৰসস্ত হব । ইয়াৰ বাবে একাগ্ৰতা আৰু নিষ্ঠাৰ দৰকাৰ । বিশ্ব খন যি সময়ত এখন গ্লোবেল ভিলেজলৈ পৰ্যবসিত হৈছে সেই সময়ত ছাত্ৰ ছাত্ৰী সকলে নিজৰ দক্ষতা বৃদ্ধি কৰি যোগ্য কৰি তুলিব লাগিব ।

উদ্বোধনী সভাত নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা, ডাউন টাউন বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য ডঃ নাৰায়ণ তালুকদাৰ,বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ কিমনে চাঞ্চন, বিশিষ্ট বিজ্ঞানী জয়দেৱ বৰুৱা, ডঃ দিনমণি ভাগৱতী প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে ।

এইবাৰৰ শিশু বিজ্ঞান সমাৰোহৰ মূল বিষয় বস্তু 'বহনক্ষম জীৱন যাপনৰ বাবে বিজ্ঞান"ক মূল বিষয় হিচাপেলৈ প্ৰস্তুত কৰা প্ৰকল্পৰে জিলা পৰ্যায়ৰ পৰা নিৰ্বাচিত প্ৰতিগৰাকী শিশু বিজ্ঞানীয়ে এই সমাৰোহত অংশগ্ৰহণ কৰি পুনৰ নিজ প্ৰকল্প উপস্থাপন কৰিব । এইবাৰ ক‘ভিডসৃষ্ট পৰিস্থিতি স্বত্বেও ২৯ খন জিলাৰ এশ গৰাকী শিশু বিজ্ঞানীয়ে অংশগ্ৰহণ কৰিছে । ইয়াৰ পূৰ্বে পুৱা বিজ্ঞানক জনপ্ৰিয় কৰাৰ বাবে চহৰ খনত এক শোভাযাত্ৰা উলিওৱা হয় । এইবাৰ ক‘ভিডসৃষ্ট পৰিস্থিতিৰ বাবে সমাৰোহত ১৪ ৰ পৰা ১৭ বছৰ বয়সৰ ছাত্ৰ ছাত্ৰী সকলে ইয়াত উপস্থিত থাকিব আৰু দহ বছৰৰ পৰা তেৰ বছৰ বয়সৰ ছাত্ৰ ছাত্ৰী সকলে অনলাইন প্ৰকল্প উপস্থাপন কৰিব ।

লগতে পঢ়ক : বিজেপিৰ আইটি চেলৰ ৰণকৌশল প্রস্তুতৰ বাবে গুৱাহাটীত অমিত মালব্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.