ETV Bharat / state

নলবাৰীত কালী মূৰ্তি দৰ্শন হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ

author img

By

Published : Feb 15, 2021, 8:40 PM IST

সোমবাৰে নলবাৰীৰ ঘগ্ৰাপাৰত উপস্থিত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰা ৷ এজন লোকৰ বাসগৃহত উদ্ধাৰ হোৱা কালী মূৰ্তি দৰ্শন কৰে নেতা গৰাকীয়ে ৷

satyaranjan-bora
সত্যৰঞ্জন বৰা

নলবাৰী,15 ফেব্ৰুৱাৰী : নলবাৰীৰ ঘগ্ৰাপাৰত সোমবাৰে কালী মূৰ্তি দৰ্শন কৰিবলৈ উপস্থিত হয় হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰা ৷ মূৰ্তি দৰ্শন কৰি আদিশক্তি বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকাৰী অসূৰ বধিবলৈ মা কালীৰ আৱিৰ্ভাৱ হোৱা বুলি মন্তব্য কৰে নেতা গৰাকীয়ে ৷

উল্লেখ্য যে, ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত নিজখগটা গাঁৱৰ জয়ন্ত বেজবৰুৱা নামৰ এজন লোকে সপোনত মা কালী মূৰ্তি উদ্ধাৰ কৰাৰ পাচত তেওঁৰ নিজৰ ঘৰৰ পদূলিত মূৰ্তিটো স্থাপন কৰে ৷ ইয়াৰ পাচতে মূৰ্তিটো দৰ্শন কৰাৰ বাবে প্ৰতিদিনে তেওঁৰ বাসগৃহত ভক্তৰ ভিৰ হোৱা পৰিলক্ষিত হয় ৷

সত্যৰঞ্জন বৰা

হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰায়ো এই মূৰ্তি দৰ্শন কৰাৰ লগতে মূৰ্তিটো উদ্ধাৰ হোৱা পুৰ্ণ পুখুৰী (বৰপুখুৰী) পৰিভ্ৰমণ কৰে । সংবাদ মাধ্যমযোগে তেওঁ কয় যে, আদিশক্তি বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকাৰী । সম্প্ৰতি অসূৰক বধিবলৈ মা কালীৰ আৱিৰ্ভাৱ হৈছে ।

লগতে, ৰাজ্যিক বিজেপি সভাপতি ৰণজিৎ কুমাৰ দাসে তেওঁক বিজেপিৰ সদস্য নহয় বুলি কোৱাতো তেওঁৰ বাবে এয়া আশীৰ্বাদ বুলি মন্তব্য কৰে সত্যৰঞ্জন বৰাই ৷

লগতে পঢ়ক : ধেমাজিত অত্যাধিক বিদ্যুৎ মাচুলক লৈ ক্ষোভিত উপভোক্তা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.