নলবাৰী,12 নৱেম্বৰ : বৃহস্পতিবাৰে জিলা ছাত্ৰ সন্থাৰ অধিৱেশন উপলক্ষে নলবাৰীত উপস্থিত হৈ সাংবাদিক পৰাগ ভূঞা হত্যাকাণ্ড সম্পৰ্কে প্ৰতিক্ৰিয়া ব্যক্ত কৰে সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই । সম্প্ৰতি অসমত সাংবাদিকসকলৰ নিৰাপত্তা নাই বুলি মন্তব্য কৰে আছুৰ উপদেষ্টা গৰাকীয়ে ৷ আনহাতে ভৱিষ্যৎ পৰিকল্পনা সম্পৰ্কে তেওঁ কয় যে,ৰাজনৈতিক তথা দলীয় ৰাজনীতিৰ বৃত্তৰ বাহিৰত থাকি তেওঁ অসম আৰু অসমীয়াৰ হকে কাম কৰি যাব ।
ইয়াৰোপৰি পৰাগ ভূঞা হত্যাকাণ্ড সম্পৰ্কে এক উচিত তদন্ত দাবী কৰে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই । তেওঁ পৰাগ ভূঞাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি এই হত্যাকাণ্ড সম্পৰ্কে এক উচিত তদন্ত দাবী কৰাৰ লগতে সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ দাবী উত্থাপন কৰে । ঠিক সেইদৰে আছুৰ সভাপতি দীপাংকৰ নাথেও পৰাগ ভূঞা হত্যাকাণ্ড সম্পৰ্কে প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে ।
আছুৰ সভাপতি দীপাংকৰ নাথে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনা কৰি অসমৰ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ কথা চিন্তা কৰিবলৈ আহ্বান জনায় । মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লকডাউনৰ সময়ছোৱাত ছাত্ৰ-ছাত্ৰীসকলৰ ক্ষতিৰ কথা চিন্তা নকৰি অসমত বিষবাষ্প বিয়পোৱা ৰাজনীতিত ব্যস্ত হৈ পৰিছে বুলিও তেওঁ অভিযোগ উত্থাপন কৰে ।
লগতে পঢ়ক : কুমাৰীকাটাত ভুৱা আধাৰ কাৰ্ড কেন্দ্ৰ উৎখাত