ETV Bharat / state

টিহুৰ সাগৰিকা গোস্বামীলৈ Indian Talent Icon National Award 2021 - Sagarika Goswami

শিক্ষা, সাহিত্য, ৰচনা, সংস্কৃতি, দাৰ্শনিক তত্ব বিষয়ক সফলতা আদিত সমানে অদ্বিতীয় কৃতকাৰ্যতা লাভ কৰা সাগৰিকা গোস্বামীলৈ ‘নটা’ৰ তৰফৰ পৰা আগবঢ়োৱা হৈছে ‘ইণ্ডিয়ান টেলেণ্ট আইকন নেশ্যনেল এৱাৰ্ড, ২০২১’ । যাক লৈ এতিয়া উৎফুল্লিত হৈ পৰিছে সাগৰিকা গোস্বামী তথা তেওঁৰ আত্মীয় ৷

Sagarika Goswami won the Indian Talent Icon National Award 2021
ইণ্ডিয়ান টেলেণ্ট আইকন নেশ্যনেল এৱাৰ্ড,২০২১ ৰ খিতাপ দখল অসম কন্যা গৌৰৱ সাগৰিকা গোস্বামীৰ
author img

By

Published : Oct 11, 2021, 12:22 PM IST

নলবাৰী,11 অক্টোবৰ : অসমবাসীৰ বাবে এক সুখবৰ ৷ শিক্ষা, সাহিত্য, ৰচনা, সংস্কৃতি, দাৰ্শনিক তত্ব বিষয়ক সফলতা আদিত সমানে অদ্বিতীয় কৃতকাৰ্যতা লাভ কৰা সাগৰিকা গোস্বামীলৈ ‘নটা’ৰ তৰফৰ পৰা আগবঢ়োৱা হৈছে ‘ইণ্ডিয়ান টেলেণ্ট আইকন নেশ্যনেল এৱাৰ্ড ২০২১’ । এই সন্মান লাভ কৰি স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে সাগৰিকা গোস্বামী তথা তেওঁৰ আত্মীয় ৷

এই সন্মানৰ ল’বৰ কিছু মাহৰ পূৰ্বে বাবে দিল্লীলৈ নিমন্ত্ৰণ লাভ কৰিছিল স্নাতকোত্তৰ দ্বিতীয় ষান্মাসিকৰ ছাত্ৰী সাগৰিকা গোস্বামীয়ে । কিন্তু ক’ভিড পৰিস্থিতিৰ বাবে এই সন্মান ল’বলৈ দিল্লীলৈ যাব নোৱাৰাৰ বাবে দেওবাৰে ঘৰতে নটাৰ তৰফৰ পৰা এই বঁটা গ্ৰহণ কৰে সাগৰিকাই ৷ উল্লেখ্য যে, উক্ত সন্মান লাভ কৰা ভাৰতৰ অন্যান্য ব্যক্তিসকলৰ ভিতৰতে কনিষ্ঠতম হৈছে সাগৰিকা গোস্বামী ৷

টিহুৰ সাগৰিকা গোস্বামীলৈ ইণ্ডিয়ান টেলেণ্ট আইকন নেশ্যনেল এৱাৰ্ড 2021

অতি কম বয়সতে শিক্ষা তথা সাহিত্য-সংস্কৃতি আদিত শ্ৰেষ্ঠত্ব অৰ্জন কৰি অসমলৈ এই সন্মান লাভেৰে গৌৰৱ কঢ়িয়াই আনিছে সাগৰিকাই ৷

উল্লেখ্য যে, নলবাৰী জিলাৰ টিহু নিৱাসী হেমন্ত কুমাৰ গোস্বামী আৰু অনামিকা গোস্বামীৰ কন্যা সাগৰিকা গোস্বামীয়ে চলিত বৰ্ষতেই গোল্ডেন ষ্টাৰ এৱাৰ্ড লাভ কৰি ৰাষ্ট্ৰীয় খ্যাতি অৰ্জন কৰিছিল । সাহিত্য-সংস্কৃতিৰ লগতে সমানুপাতিকভাৱে শিক্ষাৰ জগতখনত নিজক আগবঢ়াই নি থকা সাগৰিকা গোস্বামীৰ সৃষ্টিত তবধ মানিছে ‘নটা’ৰ বিষয়ববীয়াসকলেও । সাগৰিকা গোস্বামীয়েও উল্লেখ কৰা অনুসৰি, তেওঁ দ্বিতীয় শ্ৰেণীত পঢ়ি থকাৰ পৰাই এগৰাকী সুদক্ষ অধ্যাপিকা হোৱাৰ সপোন মনতে পুহি ৰাখিছিল ৷

সেই সপোন পূৰণ কৰাৰ লক্ষেৰে বৰ্তমান অধ্যয়নৰ ক্ষেত্ৰত মনোনিৱেশ কৰিছে সাগৰিকাই । লগতে সাহিত্য-সংস্কৃতিৰ জগতখনতো তেওঁ নিজকে আগবঢ়াই নিবলৈ চেষ্টা কৰিব বুলি মন্তব্য প্ৰকাশ কৰিছে সাগৰিকাই ।

লগতে পঢ়ক : প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ 88 সংখ্যক জন্মদিনৰ শুভেচ্ছা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.