ETV Bharat / state

Shiva idol unveiled in Nalbari: শিৱমূৰ্তি উন্মোচন কৰি চৰকাৰৰ বিৰুদ্ধে সৰৱ বশিষ্ঠ বুজৰবৰুৱা

author img

By

Published : Feb 18, 2023, 10:27 PM IST

"চৰকাৰে মদৰ দোকান বন্ধ কৰি গাখীৰৰ দোকানৰ লাইচেঞ্চ দিয়ক । মদৰ টকাৰে চৰকাৰ চলাব নালাগে ।" অসম চৰকাৰৰ দুই মন্ত্ৰীৰ সন্মুখতে সৰৱ আৰ এছ এছ নেতা বশিষ্ঠ বুজৰবৰুৱা । আজি নলবাৰীত অসম তথা উত্তৰ পূৱৰ সু উচ্চ শিৱমূৰ্তি উন্মোচন কৰি মুকলি সভাত এনেদৰে মন্তব্য কৰে আৰ এছ এছ নেতাগৰাকীয়ে (RSS Leader Basistha Bujarbaruah) ৷

RSS Leader Basistha Bujarbaruah criticizes BJP govt in Nalbari
চৰকাৰৰ বিৰুদ্ধে সৰৱ আৰ এছ এছ নেতা
চৰকাৰৰ বিৰুদ্ধে সৰৱ আৰ এছ এছ নেতা

নলবাৰী, ১৮ ফেব্ৰুৱাৰী: আজি মহাশিৱৰাত্ৰি (Maha Shivratri) ৷ ভাৰতীয় হিন্দু ধৰ্মৰ এটা ধৰ্মীয় উৎসৱ হৈছে মহাশিৱৰাত্ৰি । শিৱৰ উপাসনাৰ উদ্দেশ্যে প্ৰতিবছৰে দেশ তথা ৰাজ্যৰ ভিন্ন প্ৰান্তত পালন কৰা হয় এই উৎসৱ । বছৰত এবাৰকৈ অৰ্থাৎ ফাগুনত ধুমধামেৰে মহাশিৱৰাত্ৰি আয়োজন কৰা হয় ।

ইফালে শিৱৰাত্ৰিৰ দিনাই নলবাৰীত উন্মোচন কৰা হ’ল অসম তথা উত্তৰ পূৱৰ সুউচ্চ শিৱ মূৰ্তি (Shiva idol unveiled in Nalbari)। নলবাৰী জিলাৰ খাৰজাৰা আশ্ৰমৰ সমীপত নিৰ্মাণ কৰা হৈছে শিৱ মূৰ্তিটো । প্ৰায় ৯১ ফুট উচ্চতাৰ শিৱমূৰ্তিটো বিশ্বৰ ষষ্ঠতম উচ্চতম শিৱ মূৰ্তি । এই সুউচ্চ শিৱ মূৰ্তিটো নলবাৰীৰ মহালক্ষ্মী সঞ্চয় আৰু ঋণদান সমবায় সমিতি লিমিটেডৰ সহযোগত নিৰ্মাণ কৰা হৈছে ।

শিৱমূৰ্তিটো আজি উন্মোচন কৰে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ অসম ক্ষেত্ৰৰ সহকাৰী প্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱাই (Shiva idol unveiled by RSS Leader Basistha Bujarbaruah) । শিৱমূৰ্তিটো উন্মোচন ও লোকাৰ্পন কৰাৰ পিচতে বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত এখন সভাৰ আয়োজন কৰা হয় পূজাথলীত । সভাত ভাষণ প্ৰসংগত আৰ এছ এছ নেতাগৰাকীয়ে ভগৱান শিৱৰ গুণৰ ব্যাখ্যা আগঢ়ায় ৰাইজৰ আগত । জাতি ভেদ, সকলো এক কৰি ভগৱান শিৱই যি মানৱ সমাজ গঢ় দিছিল তাক আজিৰ সমাজক বৰ্তাই ৰাখিবলৈ আহ্বান জনায় নেতাগৰাকীয়ে ।

মঞ্চত দুই মন্ত্ৰী ক্ৰমে জয়ন্ত মল্ল বৰুৱা, চন্দ্ৰমোহন পাটোৱাৰী, সাংসদ দিলীপ শইকীয়া, প্ৰাক্তন সাংসদ ৰমেন ডেকাৰ সন্মুখতে নেতাগৰাকীয়ে মদৰ দোকানৰ লাইচেঞ্চ দিয়াক লৈ সৰৱ হৈ পৰে । ভাষণ প্ৰসংগত নেতাগৰাকীয়ে কয় "মদৰ টকাৰে চৰকাৰ চলাব নালাগে । মদৰ দোকানৰ সলনি গাখীৰৰ লাইচেঞ্চৰ দিয়ক চৰকাৰে । মদ, ড্ৰাগছে ধংস কৰি আছে নৱ প্ৰজন্ম । চৰকাৰে মদৰ দোকানসমূহ বন্ধ কৰিব লাগে ৷"

তেওঁ লগতে কয় যে মদৰ দোকানৰ পৰিবৰ্তে গাখীৰৰ দোকান দিয়ক চৰকাৰে (RSS Leader Basistha Bujarbaruah criticizes BJP govt)৷ মদৰ দোকান বন্ধ কৰক । মদ ড্ৰাগছ মুক্ত কৰি এখন সুস্থ সমাজ গঢ়ি ভগৱান শিৱৰ আদৰ্শ পালন কৰিবলৈ আহ্বান জনায় ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ অসম ক্ষেত্ৰৰ সহকাৰী প্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱাই ।

ইপিনে নাম প্ৰকাশ নকৰাকৈ আৰ এছ এছৰ নেতাগৰাকীয়ে হাৰ্টথ্ৰ’ৱ জুবিনক ক‘লে, মঞ্চত মদ নাখাই গান গালে আজি বিশ্বৰ এগৰাকী সুগায়ক হ’ব পাৰিলেহেঁতেন । আনহাতে ড্ৰাগছে নৱ প্ৰজন্মক ধ্বংস কৰা বুলিও দুখ প্ৰকাশ কৰে আৰ এছ এছ নেতা গৰাকীয়ে ।

লগতে পঢ়ক: Tallest Shiva statue in Nalbari: শিৱৰাত্ৰিৰ দিনাই নলবাৰীত উন্মোচন উত্তৰ-পূৱৰ সৰ্ববৃহৎ শিৱ মূৰ্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.