ETV Bharat / state

নলবাৰীত স্থানীয় লোকৰ তৎপৰতাত পথ মেৰামতি - বিধায়ক অশোক শৰ্মা

জন প্ৰতিনিধিৰ অকৰ্মণ্যতাৰ বাবে নলবাৰীত এটা পথ মেৰামতি কৰিবলগীয়া হৈছে মাজদিয়া নিবাসী ৰাইজে ৷ বিগত সময়ছোৱাত প্ৰায় পাঁচবাৰকৈ বিধায়ক অশোক শৰ্মাক সাক্ষাৎ কৰি স্থানীয় ৰাইজে বিষয়টো অৱগত কৰিছিল যদিও ৰাইজৰ আহ্বানৰ প্ৰতি কোনো সঁহাৰি প্ৰদান নকৰিলে বিধায়কগৰাকীয়ে ৷ উপায়ন্তৰ স্থানীয় লোকসকলে দেওবাৰে গাঁঠিৰ ধন ভাঙি মেৰামতি কৰে পথচোৱা ৷

Road repaired by public at majdia nalbari assam etv bharat news
স্থানীয় লোকৰ তৎপৰতাত পথ মেৰামতি
author img

By

Published : Jun 29, 2020, 2:11 PM IST

নলবাৰী,29 জুন: চৰকাৰী আঁচনিৰ উন্নয়নৰ নামত ফোঁপোলা স্বৰূপ উন্মোচিত হৈছে নলবাৰীৰ মাজমজিয়াত ৷ অঞ্চলটোৰ জলসিঞ্চন বিভাগৰ নিচেই সমীপৰ ৰত্নপীঠ চুবুৰীত ৰাইজে শ্ৰমদানেৰে নিৰ্মাণ কৰিলে এটি বিধ্বস্ত পথ ৷ স্থানীয় জন প্ৰতিনিধিৰ হেমাহিৰ বাবে ৰাইজে নিজাববীয়া প্ৰচেষ্টাৰে এই কাৰ্য কৰিবলৈ বাধ্য হৈছে ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি,খাতা গাওঁ পঞ্চায়তৰ অধীনষ্ঠ এই পথচোৱাৰ বিধ্বস্ত অৱস্থাৰ বাবে যাতায়াতৰ ক্ষেত্ৰত দীৰ্ঘদিনে যমৰ যাতনা ভূগি আহিছিল ৰাইজে ৷ বিগত সময়ছোৱাত প্ৰায় পাঁচবাৰকৈ বিধায়ক অশোক শৰ্মাক সাক্ষাৎ কৰি স্থানীয় ৰাইজে বিষয়টো অৱগত কৰিছিল যদিও ৰাইজৰ আহ্বানৰ প্ৰতি কোনো সঁহাৰি প্ৰদান নকৰিলে বিধায়কগৰাকীয়ে ৷

স্থানীয় লোকৰ তৎপৰতাত পথ মেৰামতি

লগতে চাৰি নং খাতা গাওঁ পঞ্চায়তৰ প্ৰতিনিধিগৰাকীকো অনুনয় বিনয় কৰি সুফল নাপালে ৰাইজে ৷ উপায়ন্তৰ স্থানীয় লোকসকলে দেওবাৰে গাঁঠিৰ ধন ভাঙি মেৰামতি কৰে পথচোৱা ৷ খোদ নলবাৰীৰ মাজমজিয়াতে হোৱা এনে কৰ্মই বিধায়কগৰাকীৰ অকৰ্মণ্যতাক প্ৰতিফলিত কৰিছে ৷

লগতে চাওকঃ ভয়ংকৰ ৰূপ ধাৰণৰ দিশে লংগাই নৈৰ খহনীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.