ETV Bharat / state

Road Broken By Heavy Rain : নেৰানেপেৰা বৰষুণৰ ফলত টিহুত ছিগিল পথ; ব্যাহত যাতায়ত

ধাৰাষাৰ বৰষুণৰ ফলত নলবাৰীৰ টিহুত চিগিল ৰাজপথ । বৰষুণৰ বাঢ়নী পানীৰ সোঁতে বিচ্ছিন্ন কৰিলে উলুবাৰী - নাথকুছি সংযোগী পথ । ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতি ।

Road Broken By Heavy Rain In Nalbari
নলবাৰীৰ টিহুত চিগিল ৰাজপথ
author img

By

Published : Jun 16, 2023, 2:02 PM IST

নলবাৰীৰ টিহুত চিগিল ৰাজপথ

নলবাৰী, 16 জুন : শাসকীয় চৰকাৰখনে প্ৰতিটো ভাষণতে ৰাজ্যৰ উন্নয়নৰ ঢাক-ঢোল বজায় থাকিলেও বাস্তৱত ইয়াৰ সোপাঢিলা ৰূপটো স্পষ্ট হৈ পৰিছে ৷ অন্যান্য বিভিন্ন ক্ষেত্ৰৰ লগতে ৰাস্তা-ঘাটবোৰৰো উন্নত কৰা বুলি দাবী কৰি থকা চৰকাৰখনৰ দিনত এইবাৰ বাৰিষাৰ বান নহয়; দুদিনৰ নেৰানেপেৰা বৰষুণতে ছিগিল পথ ৷

নলবাৰী জিলাৰ টিহুৰ এটি পথ এইবাৰ নৈৰ বাঢ়নী পানীত নহয় বৰষুণৰ পানীতে চিগি যোৱাৰ ফলত সমস্যাত পৰিছে সংশ্লিষ্ট অঞ্চলটোৰ ৰাইজ । নলবাৰী জিলাৰ টিহুৰ নতুন উলুবাৰীত এটি পথ চিগি ৰাইজৰ মাজত ব্যাহত হৈ পৰে যাতায়ত । টিহু নদীৰ পাৰেৰে উলুবাৰী-নখৰা-নাথকুছি হৈ 31 নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী উক্ত পথটো দীৰ্ঘদিন ধৰি প্ৰয়োজন হৈ আছিল মেৰামতিৰ ৷ মেৰামতিৰ অভাৱত মুষলধাৰ বৰষুণতে চিগি যোৱাত এতিয়া অঞ্চলটোৰ ৰাইজৰ মাজত সৃষ্টি হৈছে হাহাকাৰময় পৰিস্থিতিৰ ।

কেইবাখনো গাঁৱৰ শিক্ষাৰ্থী তথা ৰাইজে উক্ত পথটোৰে নিতৌ বিদ্যালয়-মহাবিদ্যালয়, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ৰ লগতে বিভিন্ন ঠাইলৈ যাতায়তৰ ক্ষেত্ৰত ব্যৱহাৰ কৰি আহিছিল উক্ত পথটো । কিন্তু এতিয়া পথটো চিগি যোৱাত ব্যাহত হৈ পৰিছে যাতায়ত ব্যৱস্থা । আনহাতে নেৰানেপেৰা বৰষুণৰ ফলত টিহু নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত শংকিত হৈ পৰিছে উক্ত সংশ্লিষ্ট অঞ্চলৰ ৰাইজ ।

টিহু নদীৰ বাঢ়নী পানী উক্ত ভগ্ন অংশৰে সোমালে বানপানী হোৱাৰ আশংকাত ভুগিছে সংশ্লিষ্ট ৰাইজ । অঞ্চলটোৰ ৰাইজে পথটোৰ লগতে ভগ্ন মথাউৰি মেৰামতি কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনায় আহিছিল যদিও আজিও সেই অংশবোৰৰ নিৰ্মাণ কাৰ্যত আধৰুৱা হৈ আছে বুলি স্থানীয় ৰাইজে জানিবলৈ ধৰে ।

ভগ্ন অংশবোৰ নিৰ্মাণ কৰি ৰাইজে অতি সোনকালে বাৰিষাৰ বানৰ পৰা মুক্তি দিবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে ।

লগতে পঢক : 9th International yoga day : ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত যোগাসনৰ নেতৃত্ব দিব প্ৰধানমন্ত্ৰী মোদীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.