নলবাৰী,৪ এপ্ৰিল: "ৰাজ্যত এতিয়া মুখ্যমন্ত্ৰীজনে নিজেই ঠিকাত নামিছে । মুখ্যমন্ত্ৰী ঠিকাত জড়িত হোৱাৰ বাবেই লোক নিৰ্মাণ বিভাগ (Public Works Department) কাৰো হাতত গতাই দিয়া নাই ।" মঙলবাৰে নলবাৰীত উপস্থিত হৈ এই মন্তব্য তৃণমূল কংগ্ৰেছ অসমৰ সভাপতি ৰিপুন বৰাৰ । নলবাৰীত অনুষ্ঠিত তৃণমূল কংগ্ৰেছৰ এখন সভাত উপস্থিত শাসনাধিষ্ঠ চৰকাৰখন তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা সভাপতিগৰাকীৰ (TMC president Ripun Bora slams BJP in Nalbari) ।
নিজেই ঠিকাদাৰী কাৰ্যত জড়িত হোৱাৰ বাবেই লোক নিৰ্মাণ বিভাগটো মুখ্যমন্ত্ৰীয়ে নিজৰ লগত ৰাখি থৈছে বুলি অভিযোগ উত্থাপন কৰি নিজৰ মন্ত্ৰীৰ ওপৰতেই মুখ্যমন্ত্ৰীৰ বিশ্বাস নাই বুলিও উল্লেখ কৰে বৰাই (Ripun Bora slams BJP) । ইফালে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ লগতে কৰ বৃদ্ধি প্ৰসংগক লৈয়ো সৰৱ হৈ পৰে ৰিপুন বৰা । তেওঁ কয় যে, কৰৰ বোজাৰে জনতাক কোঙা কৰি ৰাজহ সংগ্ৰহ কৰা চৰকাৰখনে পুঁজিপতিক লুণ্ঠনৰ বাট মোকলাই দিছে ।
আনহাতে, মুখ্যমন্ত্ৰীৰ পত্নীয়ে চৰকাৰী ভূমি দখল কৰি তাত ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠান খোলাৰ কথাও উল্লেখ কৰে ৰিপুন বৰাই (Ripun Bora slams Himanta Biswa Sarma) । ৰিপুন বৰাৰ সমালোচনাত বাদ নপৰিল মুখ্যমন্ত্ৰীৰ পুত্ৰও । মুখ্যমন্ত্ৰী পুত্ৰই সোতৰ বছৰ বয়সতে বহুকেইটা কোম্পানীৰ মালিক কেনেকৈ হ'ল বুলি প্ৰশ্ন কৰে বৰাই । ইফালে নলবাৰীৰ প্ৰাক্তন বিধায়ক তথা পুৰণি বিজেপি নেতা অশোক শৰ্মাই অপাত্ৰৰ হাতত শাসনভাৰ গটাই দিলো নেকি বুলি হাজোত বৰ্তমানৰ মুখ্যমন্ত্ৰীক উদ্দেশ্যি কৰা মন্তব্যৰ সন্দৰ্ভত ৰিপুন বৰাই কয় যে, অশোক শৰ্মাই সজ কথাকে কৈছে ।
‘‘বিজেপিৰ ভিতৰচোৰাত ন-বিজেপি আৰু পুৰণি বিজেপিৰ সংঘাত দীৰ্ঘদিনীয়া । সেয়া হয়তো প্ৰকাশ পোৱা নাছিল । উমি উমি জ্বলি আছে বিজেপিৰ ভিতৰচ'ৰা । সঁচাকৈ হিমন্ত বিশ্ব শৰ্মা এজন অপাত্ৰ যাৰ কাৰনে নিজৰেই দলৰ নেতাই এনেদৰে মন্তব্য কৰিছে ৷’’ এইদৰে উল্লেখ কৰে ৰিপুন বৰাই ।
লগতে পঢ়ক: IPL Match in Guwahati : গুৱাহাটীত আইপিএলৰ মেচ চাব নেকি ? জানি লওক পথ নিৰ্দেশনা