ETV Bharat / state

হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পতাৰ উদ্দেশ্যেৰে কংগ্ৰেছে জয়ী কৰাইছিল বিজেপিক; ৰিপুন বৰা

author img

By

Published : Jun 11, 2023, 10:49 PM IST

বৰক্ষেত্ৰীৰ বৰবালা চৰত দেওবাৰে তৃণমূল কংগ্ৰেছৰ এক সাংগঠনিক সভাত অংশগ্ৰহণ কৰে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ৷ কংগ্ৰেছ, এ আই ইউ ডি এফক তীক্ষ্ণ সমালোচনা নেতাগৰাকীৰ ৷

Assam TMC workers Meeting in Nalbari
অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা

তৃণমূল কংগ্ৰেছৰ এক সাংগঠনিক সভা

নলবাৰী, 11 জুন: নলবাৰীৰ বৰক্ষেত্ৰীৰ চৰাঞ্চল বৰবালা চৰত দেওবাৰে তৃণমূল কংগ্ৰেছৰ এক সাংগঠনিক সভাত অংশগ্ৰহণ কৰে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ৷ সভাত ভাষণ প্ৰসংগত কংগ্ৰেছ, এ আই ইউ ডি এফক তীক্ষ্ণ সমালোচনা কৰে তৃণমূলৰ ৰাজ্যিক সভাপতি ৰিপুন বৰাই (Assam TMC workers Meeting in Nalbari) ৷

সভাত ভাষণ প্ৰসংগত তৃণমূল কংগ্ৰেছ অসমৰ সভাপতি ৰিপুন বৰাই কয়, ‘‘বিগত 21 ৰ বিধানসভা নিৰ্বাচনত মোৰ সভাপতিত্বত এ আই ইউ ডি এফৰে মিলি মিত্ৰজোঁট গঠন কৰিছিলোঁ ৷ মিত্ৰজোঁটে আশা কৰা ধৰণে ফল পাবলৈ ওলোৱাত একাংশ কংগ্ৰেছী নেতাৰ বাবে বিজেপিক পৰাস্ত কৰিব নোৱাৰিলে ৷’’ কংগ্ৰেছৰ সেইসকল নেতাই কেৱল মুখ্যমন্ত্ৰী পদটোৰ লোভত থকা বুলি মন্তব্য কৰে নেতাজনে (Ripun Bora Participate Assam TMC workers Meeting) ৷

সেই সময়ত গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীৰ লালসাত থাকি ৰিপুন বৰাৰ দৰে নেতাৰ বিৰুদ্ধে ভিতৰি সৰৱ হৈ হিমন্ত বিশ্ব শৰ্মাৰ পৰা মোটা অংকৰ ধন লৈ বিজেপিক জিকাই নিয়া বুলি মন্তব্য কৰে তৃণমূল কংগ্ৰেছৰ নেতা ৰিপুন বৰাই ৷ কংগ্ৰেছ, এ আই ইউ ডি এফ মিত্ৰজোঁটত নথকা হ’লে বৰক্ষেত্ৰী সমষ্টিটোও বিজেপিৰ হাতলৈ গ'লহেতেন বুলি মন্তব্য কৰে নেতাজনে (Assam TMC Chief Ripun Bora) ৷

কংগ্ৰেছ, এ আই ইউ ডি এফক বৰ্তমান ৰাইজক আস্থাত নলবলৈ আহ্বান ৰাজ্যিক সভাপতি গৰাকীৰ ৷ ভাষণ প্ৰসংগত নেতাগৰাকীয়ে বৰ্তমান কংগ্ৰেছ আৰু এ আই ইউ ডি এফ বিজেপিৰ বি টীম বুলিও মন্তব্য কৰে ৷ আনহাতে বিজেপি সংবিধান বিৰোধী দল, সাম্প্ৰদায়িক দল, জনতা বিৰোধী দল তেনে দলক কেৱল কংগ্ৰেছ আৰু এ আই ইউ ডি এফে বিজেপিক ৰাজ্যসভাত ভোট দি জয়ী কৰাই অধিক শক্তিশালী কৰা বুলিও মন্তব্য কৰে ৰিপুন বৰাই ৷

আনহাতে, ৰাষ্ট্ৰপতি নিৰ্বাচনতো কংগ্ৰেছ এ আই ইউ ডি এফে মিলি 22 টাকৈ ভোট বিজেপিৰ পক্ষে দিয়া বুলিও মন্তব্য কৰে তৃণমূল কংগ্ৰেছ অসমৰ সভাপতি ৰিপুন বৰাই (Ripun Bora Slams Congress) ৷

লগতে পঢ়ক: Amit Shah to visit Assam: 27 জুনত অসমলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী; হোজাইত সভাস্থলী পৰিদৰ্শন পীযুষ হাজৰীকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.