ETV Bharat / state

নলবাৰী হৰিমন্দিৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব ৰাস মহোৎসৱ

author img

By

Published : Nov 28, 2020, 10:09 PM IST

ক’ৰণা মহামাৰীয়ে সৃষ্টি কৰা ভয়াৱহ পৰিস্থিতিক লৈ সংকিত ৰাজ্যবাসীয়ে অনুষ্টুপিয়াকৈ ৰাস মহোৎসৱৰ আয়োজনৰ যো-জা চলাইছে ৷ ব্যতিক্ৰম নহ'ল নলবাৰীৰ ৰাস মহোৎসৱো ৷ মাত্ৰ তিনিদিনীয়া কাৰ্যসূচীৰে হৰি মন্দিৰ প্ৰাংগণত অনুষ্ঠিত কৰা হ'ব ৰাস মহোৎসৱ ৷

As_nlb_rash_festival_dl_vis_as10004
নলবাৰী হৰিমন্দিৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব ৰাস মহোৎসৱ

নলবাৰী, 28 নৱেম্বৰ : দেওবাৰৰ পৰা ৰাজ্যজুৰি পালন কৰা হ'ব ৰাস মহোৎসৱ ৷ কিন্তু ক’ৰণা মহামাৰীয়ে সৃষ্টি কৰা ভয়াৱহ পৰিস্থিতিক লৈ সংকিত হৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত আনুষ্ঠানিকতা ৰক্ষা কৰি অনুষ্টুপিয়াকৈ আয়োজনৰ যো-জা চলাইছে ৰাস মহোৎসৱৰ ৷ ব্যতিক্ৰম নহ'ল নলবাৰীৰ ৰাস মহোৎসৱো ৷ নলবাৰীবাসীয়ে এইবেলি মাথো আনুষ্ঠানিকতা ৰক্ষা কৰিহে পালন কৰিব ৰাস মহোৎসৱ ৷ প্ৰতিবছৰে ৰাস মহোৎসৱ বিশাল প্ৰস্তুতিৰে অনুষ্ঠিত কৰা হৈ আহিছে যদিও এইবেলি ক'ৰণা মহামাৰীৰ বাবে অনুষ্টুপিয়াকৈ অনুষ্ঠিত কৰা হ'ব মৃন্ময় মূৰ্তি প্ৰধান নলবাৰীৰ ৰাস মহোৎসৱ ৷ পূৰ্বতে তেৰ দিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে ৰাস মহোৎসৱ পালন কৰা হৈছিল যদিও এইবেলি হৰি মন্দিৰ প্ৰাংগণত মাত্ৰ তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব ৰাস মহোৎসৱ ৷

উল্লেখ্য যে, 1933 চনৰ পৰা উদযাপন কৰা নলবাৰী ৰাস মহোৎসৱে এইবাৰ 47 বৰ্ষত ভৰি দিব ৷ কিন্তু এইবাৰ পূৰ্বৰ দৰে নাথাকিব কোনো সাংস্কৃতিক অনুষ্ঠান অথবা ভ্ৰাম্যমাণ থিয়েটাৰ ৷ তথাপিও নলবাৰীৰ ৰাস মহোৎসৱৰ বাবে দিনে নিশাই ব্যস্ত হৈ আছে ৰাস উদযাপন সমিতিৰ কৰ্মকৰ্তা সকলে ৷ নলবাৰী ৰাস মহোৎসৱৰ বিশেষ আকৰ্ষণ উপহাৰ কুপন খেলখনৰ লগতে ভ্ৰাম্যমাণ থিয়েটাৰ সমূহো এইবেলি স্থগিত ৰখা হৈছে ৷ আনহাতে এই ৰাস মহোৎসৱৰ দ্বাৰ উন্মোচন কৰিব মঙ্গলদৈ সমষ্টিৰ সাংসদ দীলিপ শইকীয়াই ৷

লগতে পঢ়ক:নামনি অসমৰ বিখ্যাত হাউলী ৰাস মহোৎসৱ অনুষ্টুপীয়াকৈ আয়োজনৰ সিদ্ধান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.