নলবাৰী, ৭ জুলাই : ৰাজ্যত পুনৰ সংঘটিত হ’ল এক জঘন্য ঘটনা ৷ এইবাৰ নলবাৰী বৰভাগৰ এগৰাকী কিশোৰীক ধৰ্ষণ অভিযোগ উত্থাপন হৈছে (Sexually harrased in Nalbari)। এই অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী যুৱতীগৰাকীৰ লগতে তেওঁৰ আত্মীয়ই ৷
ভুক্তভোগী যুৱতীগৰাকীৰ আত্মীয়ই উল্লেখ কৰা অনুসৰি, চলিত মাহৰ ২ তাৰিখে ঘৰৰ সমীপতে থকা এখন কাপোৰৰ দোকানলৈ গৈছিল কিশোৰীগৰাকী ৷ তেনে সময়তে হাজোৰ শনিয়াদীৰ যুৱক ছফিউল হক সেই স্থানত উপস্থিত হয় । তাৰ পাচত ছাইফুলে কিশোৰীগৰাকীক ফুৰাবলৈ লৈ যাম বুলি বলপূৰ্বকভাৱে এখন চাৰিচকীয়া বাহন উঠাই লৈ যায় ৷
তাৰ পাচত গুৱাহাটী মহানগৰীৰ এটা অজ্ঞাত স্থানত চাৰিদিন ৰাখি কিশোৰীগৰাকীক ধৰ্ষণ কৰে ছাইফুলে (Friend accused of sexual assault)৷ সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰিছে ভুক্তভোগী কিশোৰীগৰাকীয়ে ৷ অৱশ্যে অভিযুক্ত ছাইফুল কিশোৰীগৰাকীৰ সৈতে পূৰ্বৰে পৰা চিনাকী আছিল বুলি জানিব পৰা গৈছে ৷
![Minor girl sexually harassed by youth in Nalbari](https://etvbharatimages.akamaized.net/etvbharat/prod-images/rapeinbarbhagnalbarias1049photovisual_07072022143824_0707f_1657184904_108.jpg)
লগতে পঢ়ক : মা-দেউতাই মোক দেহ ব্যৱসায় কৰিবলৈ বাধ্য কৰিছিল: এগৰাকী যুৱতীৰ অসহায় স্বীকাৰোক্তি
ভুক্তভোগী কিশোৰীগৰাকী উল্লেখ কৰা অনুসৰি, উক্ত কাণ্ড সংঘটিত হোৱাৰ সময়ত অভিযুক্ত ছাইফুলৰ লগত আছিল তেওঁৰ আন এজন বন্ধু ৷ ভুক্তভোগী কিশোৰীগৰাকীয়ে উল্লেখ কৰা অনুসৰি, বুধবাৰে নিশা কিশোৰীগৰাকীক হাজো থানাৰ সমীপতে পেলাই থৈ যায় অভিযুক্ত ছাইফুলে ৷ পৰৱৰ্তী সময়ত হাজো আৰক্ষীয়ে উদ্ধাৰ কৰে কিশোৰীগৰাকী ৷
ঘটনাক লৈ হাজো আৰক্ষীয়ে যোগাযোগ কৰে নলবাৰীৰ কমাৰকুছি আৰক্ষীৰ লগত আৰু কিশোৰীগৰাকীক পৰিয়ালৰ হাতত গতাই দিয়ে ৷ নলবাৰীত সংঘটিত এই জঘন্য ঘটনাই পুনৰ মানৱ সমাজক লজ্বানত কৰিছে । এতিয়া ভুক্তভোগী কিশোৰীগৰাকীৰ পিতৃয়ে দোষীক উপযুক্ত শাস্তিৰ দাবী জনাইছে ৷
লগতে পঢ়ক : ধনৰ প্ৰলোভন দেখুৱাই কিশোৰীক যৌন নিৰ্যাতন বৃদ্ধৰ