ৰঙিয়া, 1 মে' : কামৰূপ-নলবাৰী সীমান্তৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ নোনা নৈৰ ওপৰত শুকুৰবাৰে পুৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ দলঙৰ ৰেলিঙত খুন্দা মাৰি মূহুৰ্ততে চূৰ্ণ-বিচুৰ্ণ হয় এখন এল্টো 800 বাহন ৷ দুৰ্ঘটনাটোত থিতাতে নিহত হয় নলবাৰী ধমধমাৰ এজন যুৱক ৷ আনহাতে আন এজনক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ দুৰ্ঘটনা সংঘটিত কৰা AS 14 j 1432 নম্বৰৰ বাহন খন নলবাৰী অভিমুখে যাত্ৰা কৰিছিল ৷ পুৱা প্ৰাত: ভ্ৰমণলৈ যোৱা লোকে প্ৰত্যক্ষ কৰিছিল দুৰ্ঘটনাটো ৷
দুৰ্ঘটনাটো ইমানে ভয়ংকৰ আছিল যে, বাহনখনৰ পৰা প্ৰায় এশ ফুট দূৰত নোনা নৈত চিটিকি পৰিছিল মৃত্যু হোৱা যুৱকজন ৷
লগতে পঢ়ক : 26 দিনৰ পাচত মুকলি বিলাসী এপাৰ্টমেণ্ট স্পেনিছ গাৰ্ডেন